Air india:✒️ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক। দেওবাৰে পুৱা উৰণৰ কিছু সময়ৰ পাছতে বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰা হয়। বিমানখন উৰণৰ কিছু সময়ৰ পাছতে পাইলটে জুইৰ ইংগিত লাভ কৰে।পাইলটে বিমানখনৰ এটা ইঞ্জিনত জুই জ্বলি থকাৰ ইংগিত পাইছিল।
লগে লগে AI2913 বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰা হয়। এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে সকলো যাত্ৰীক নিৰাপদে অৱতৰণ কৰোৱাই তেওঁলোকৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হয়।
এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে, “৩১ আগষ্টত দিল্লীৰ পৰা ইন্দোৰলৈ যোৱা বিমান AI2913 উৰণৰ কিছু সময়ৰ পাছতে দিল্লীলৈ উভতি আহিছিল কাৰণ ককপিটৰ ক্ৰুৱে ইঞ্জিনত জুইৰ ইংগিত পাইছিল।”
এই সতৰ্কবাণী লাভ কৰাৰ পাছতে ক্ৰু সদস্যসকলে সকলো সুৰক্ষা প্ৰট’কল মানি ব্যৱস্থা গ্ৰহণ কৰে। ককপিটৰ ক্ৰুৱে ইঞ্জিন বন্ধ কৰি দিয়ে আৰু বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ উভতি যায়।
বিমানখনৰ দুটা ইঞ্জিনৰ এটা বিকল হ’লেও আনটো ব্যৱহাৰ কৰি জৰুৰীকালীন অৱতৰণ কৰিব পৰা যাব। অৱশ্যে দ্বিতীয়টোৰ যদি কিবা সমস্যা হ’লহেঁতেন তেন্তে ডাঙৰ বিপদ হোৱাৰ আশঙ্কা আছিল ।






























