LPG:✒️পূজাৰ প্ৰাকক্ষণত পুনৰ সুখবৰ। পুনৰ হ্ৰাস কৰা পালে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য । এক ছেপ্টেম্বৰৰ হিচাপ অনুসৰি বাণিজ্যিক গেছৰ মূল্য ৫১ টকা ৫০ পইচা হ্ৰাস কৰা হৈছে।
বৰ্তমান দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৫৮০ টকালৈ হ্ৰাস পায় । মুম্বাই আৰু চেন্নাইতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে।
অৱশ্যে ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। হোটেল, ৰেষ্টুৰেণ্ট আৰু কেটাৰিং সেৱাত বাণিজ্যিক গেছ ব্যৱহাৰ কৰা হয়।
মূল্য বৃদ্ধি পোৱা বজাৰত বাণিজ্যিক গেছৰ মূল্য হ্ৰাসে নিঃসন্দেহে ব্যৱসায়ীসকলৰ ওপৰত হেঁচা হ্ৰাস কৰিব। বাণিজ্যিক গেছৰ মূল্য এককালীন হ্ৰাসৰ পৰাও সকাহ পাব এল পি জি চালিত বাহনৰ মালিকসকলে।
কিন্তু ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে। বিশ্বৰ বজাৰৰ লগত সংগতি ৰাখি প্ৰতিমাহে বাণিজ্যিক গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয়।
ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ ঠিক আগতে বাণিজ্যিক গেছৰ মূল্য কিছু হ্ৰাস পাইছিল। তাৰ পিছৰে পৰা একেৰাহে কেবামাহো ধৰি বাণিজ্যিক গেছৰ মূল্য হ্ৰাস পাইছে।






























