Afghanistan Earthquake:✒️দেওবাৰে নিশা আফগানিস্তানত এক প্ৰবল ভূমিকম্পই কঁপাই গ’ল ।স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০০ অতিক্ৰম কৰিছে আৰু আহত হৈছে হাজাৰৰো অধিক ।
তথ্য অনুসৰি ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৩। ভূমিকম্পৰ পাছত কেবাটাও আফটাৰশ্বকে দিল্লী, পাকিস্তানৰ লগতে আন কেবাখনো দেশ কঁপাই তুলিছে।
তথ্য অনুসৰি,এই ভূমিকম্পৰ কম্পন তাজিকিস্তান, উজবেকিস্তান, পাকিস্তান আৰু ভাৰতলৈকে অনুভৱ কৰা হৈছিল। এই ভূমিকম্পৰ উৎস মাটিৰ ভিতৰত মাত্ৰ আঠ কিলোমিটাৰ গভীৰতাত আছিল।
যিহেতু উৎসটো পৃষ্ঠৰ অতি ওচৰত আছিল, সেয়েহে আফগানিস্তানত ইয়াৰ প্ৰভাৱ আছিল বিধ্বংসী।
আফগান চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২৫০ জন লোক নিহত আৰু ৫০০ লোক আহত হৈছে। কিন্তু আফগানিস্তানৰ চৰকাৰী ৰেডিঅ’ টেলিভিছন আফগানিস্তানে (আৰ টি এ) প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ৬০০ লোক নিহত হোৱাৰ লগতে ১০০০ লোক আহত হৈছে।
তথ্য অনুসৰি,জালালাবাদৰ পৰা ২৭ কিলোমিটাৰ নিলগত অৱস্থিত এই অঞ্চলটো এক দুৰ্গম পাহাৰীয়া অঞ্চল। ইয়াৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।






























