Beauty tips:✒️নিজৰ মুখমণ্ডলক লৈ অধিকাংশ মানুহেই সচেতন। সেয়ে মুখৰ সৌন্দর্য অটুট ৰাখিবলৈ নিয়মিত ত্বকৰ সঠিক যত্ন লোবা প্রয়োজনীয়। কিন্তু দৈনন্দিন ব্যস্ততাৰ বাবে নিয়মিতৰূপে ৰূপচৰ্চা কৰাও সম্ভৱ নহয়। কিন্তু নিজৰ বাবে মাত্র তিনি মিনিট সময় উলিয়াব নোৱাৰিবনে?
দিনটোৰ শেষত মাত্র তিনি মিনিট সময় উলিয়াব পাৰিলেই যথেষ্ট। পাৰ্লাৰলৈ গৈ প্রতি সপ্তাহত শকত অংকৰ ধন ব্যয় নকৰাকৈয়ে আপুনি নিজৰ সৌন্দৰ্য ধৰি ৰাখিব পাৰে। ইয়াৰ বাবে আপুনি কেৱল নিশা বিছনাত পৰাৰ পূৰ্বে তিনি মিনিট সময় উলিয়াব লাগিব।
সেইখিনি সময়তে এটা কাম কৰিলে পাছদিনা পুৱা আপুনি দেখা পাব উজ্জ্বল, সতেজ তথা দীপ্ত ত্বক। মুখ হৈ পৰিব বগা। ইয়াৰ বাবে কোনো দামী উপাদানৰো প্ৰয়োজন নাই। আপোনাৰ ঘৰতে থকা সাধাৰণ প্রসাধনী সামগ্রীৰেই আপুনি সহজে ৰূপচৰ্চা কৰিব পাৰিব।
উপকৰণ এচামুচ গোলাপজল, তিনি-চাৰিটা জাফ্ৰানৰ দানা, আধা চামুচ এল’ভেৰা জেল, সামান্য গৰম পানী, এচামুচ কালজিৰা আৰু এচামুচ মৌ। ব্যৱহাৰৰ পদ্ধতি জাফ্ৰানৰ দানা কেইটা গোলাপজলত এঘণ্টামান তিয়াই থ’ব।
যিমান বেছি সময় তিয়াৰ ৰাখিব, সিমানেই বেছি কাৰ্যকৰ হ’ব। জাফ্ৰানৰ পৰা ৰং এৰাই গ’লে তাত এল’ভেৰাৰ জেল দি ভালদৰে মিহলাই লওক। এইবাৰ শীতল পানীৰে ভালদৰে মুখমণ্ডল ধুই এটুকুৰা তুলাৰে পৰিষ্কাৰ মুখত উক্ত মিশ্রণ ভালদৰে সানিব। মুখত লগোৱা এই প্রলেপ শুকুৱা পর্যন্ত অপেক্ষা কৰিব।
এইবাৰ এগিলাচ কুহুমীয়া গৰমপানীত জাফ্ৰানৰ কেইটামান দানা আৰু মৌ মিহলাই পান কৰি শুবলৈ যাব। পুৱা উঠি তাৰ সুফল দেখা পাব। উপকাৰিতা উজ্জ্বল আৰু সুন্দৰ ত্বকৰ বাবে ত্বকৰ পৰা বলিৰেখা আৰু ক’লা দাগ দূৰ কৰাত জাফ্ৰান অত্যন্ত কার্যকৰী।
জাফ্রানে ত্বকৰ বাহিৰৰ পৰা কাম কৰাৰ লগতে ভিতৰৰ পৰাও উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। জাফ্ৰানৰ স’তে মৌ খালে তাৰ কাৰ্যকৰী গুণ বহুগুণে বৃদ্ধি পায়। আনহাতে, ত্বক নৰম, মসৃণ আৰু দাগহীন কৰি ৰখাৰ বাবে উপকাৰী উপাদান হৈছে এল’ভেৰা জেল। ঘণ্টাৰ পাছত ঘণ্টা ধৰি ত্বকৰ সতেজতা ধৰি ৰখাৰ ক্ষেত্ৰত ভিটামিন ‘ই’ সমৃদ্ধ এল’ভেৰা জেল অত্যন্ত কার্যকৰী।
ইপিনে, প্রাচীন কালৰ পৰাই ৰূপচৰ্চাত গোলাপজল ব্যৱহৃত হৈ আহিছে। গোলাপজলৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰা ত্বকৰ কোমলতা অক্ষুণ্ণ থাকে। লগতে ত্বকৰ উজ্জ্বলতাও বহুগুণে বৃদ্ধি পায়।






























