Nagaon:
পলাতক অৱস্থাত থকা এগৰাকী বাংলাদেশী মহিলাক নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী কাটিমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, এই বাংলাদেশী মহিলাগৰাকীক আশ্ৰয় দিয়াৰ অভিযোগত এজন চৰকাৰী বিষয়াকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ঘটনাই প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আৰক্ষী সূত্ৰই জনোৱা মতে, বিদেশী ন্যায়াধীকৰণ আদালতে নগাঁও জিলাৰ জুৰীয়াৰ মৃত আতাব উদ্দিনৰ পত্নী আহেদা খাতুনক বিদেশী বুলি ঘোষণা কৰিছিল। এই ৰায়ৰ বিৰুদ্ধে মহিলা গৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল; কিন্তু উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন খাৰিজ কৰে। তেতিয়াৰে পৰা মহিলাগৰাকী পলাতক অৱস্থাত আছিল। এই বাংলাদেশী মহিলাগৰাকীক হোজাইত গাঁওৰক্ষী বাহিনীৰ অধিনায়কৰূপে কৰ্মৰত চৰকাৰী বিষয়া তথা নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰীৰ মইনুদ্দিন আহমেদে নিজৰ ঘৰত আশ্রয় দি ৰাখিছিল।
আৰক্ষীয়ে উক্ত বাংলাদেশী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ বাবে এসপ্তাহ ধৰি অভিযান চলাই অৱশেষত সফল হয়। এই মহিলাগৰাকীক আশ্রয় দিয়াৰ অভিযোগত চৰকাৰী বিষয়া আহমেদক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই ক্ষেত্ৰত নগাঁও সদৰ আৰক্ষী থানাত মইনুদ্দিনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ইপিনে, ধৃত বাংলাদেশী মহিলা আহেদা খাতুনক গোৱালপাৰা জিলাৰ মাটিয়া বন্দী শিবিৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এগৰাকী বাংলাদেশী নাগৰিকক এজন চৰকাৰী বিষয়াই আশ্রয় দিবলৈ কেনেকৈ সাহস পালে তাক লৈ নগাঁৱৰ সচেতন মহলত বিভিন্ন প্রশ্ন উদয় হৈছে।






























