Guwahati high court:✒️চৰকাৰে ওমৰাংছ’ত মহাবল নামৰ এটা চিমেন্ট কোম্পানীক তিনি হেজাৰ বিঘা ভূমি কিদৰে আবণ্টন দিব পাৰিলে তাকে লৈ কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে আশ্চর্য প্রকাশ কৰে।
এই ভূমি প্ৰদানৰ বিৰুদ্ধে অঞ্চলটোৰ ২২টা পৰিয়াল ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত তেওঁলোকৰ আবেদনৰ শুনানিত ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে কি নীতিৰ আধাৰত ইমান বৃহৎ পৰিমাণৰ ভূমি হস্তান্তৰ কৰিলে বুলি অসম চৰকাৰৰ মহাধিবক্তাক প্রশ্ন কৰে।
এই সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈ মহাবিধবক্তা দেৱজিৎ শইকীয়াক ন্যায়াধীশগৰাকীয়ে নির্দেশ দিয়ে। শুনানিত মহাধিবক্তাই ন্যায়ালয়ক অৱগত কৰে যে উদ্যোগ বিভাগক হস্তান্তৰ কৰা সেই ভূমি অব্যৱহৃত হৈ পৰি থকাত ডিমা হাছাও পৰিষদে প্রতি বিঘাত দুই লাখ টকাকৈ কোম্পানীটোক বিক্ৰী কৰিছে।
গতিকে এনেয়ে সেই ভূমি আবণ্টন দিয়া হোৱা নাই। তেতিয়া ন্যায়াধীশে চিলিং আইন কোনে ভংগ কৰিলে বুলি প্ৰশ্ন কৰে। তদুপৰি ষষ্ঠ অনুসূচিৰ অঞ্চলত এনেদৰে ভূমি কিদৰে দিব পাৰে বুলিও প্ৰশ্ন কৰে। আকৌ চিমেন্ট কোম্পানীক ভূমি আবণ্টন দিয়াত পৰিৱেশ অনুমোদন পাইছে নেকি বুলিও প্রশ্ন কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বৰ শুনানিত ন্যায়ালয়ে ডিমা হাছাও পৰিষদক বিষয়টোক লৈ কালিৰ ভিতৰত শপতনামাৰ জৰিয়তে বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু পৰিষদে শপতনামা দাখিল নকৰিলে। ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰৰ মহাধিবক্তাক শীঘ্ৰে বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।






























