Gurugram:✒️তিনি ঘন্টা ধাৰাসাৰ বৰষুণৰ অন্তত স্তব্ধ হৈ পৰিল গুৰুগ্ৰাম। বৰষুণৰ পানী জমা হৈ সোমবাৰে সন্ধিয়া দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত কেবা কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয়।
তিনি ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছিল দিল্লী-জয়পুৰ ঘাইপথ।গুৰুগ্ৰাম যান-বাহন আৰক্ষীৰ সূত্ৰ অনুসৰি সেই কেইঘণ্টামানৰ ভিতৰতে নিয়ন্ত্ৰণ কক্ষত সহায় বিচাৰি আৰু অভিযোগ দাখিল কৰিবলৈ ২০০ৰো অধিক ফোন আহিছিল।
কেবাজনো যাত্ৰীয়ে নিজৰ গাড়ীত বহি ক্ষোভ প্ৰকাশ কৰে। প্ৰাপ্ত তথ্য অনুসৰি,দিল্লী-জয়পুৰ ঘাইপথত জলমগ্ন পথৰ বাবে ২৫খন বাহন বিকল হৈ পৰে।
জলমগ্ন পথত বিশেষকৈ আণ্ডাৰপাছ আৰু নিম্ন পথত যাতায়ত কৰা লোকসকলে সমস্যাৰ সন্মুখীন হৈছিল।
সোমবাৰে সন্ধিয়াৰ এই ট্ৰেফিক জামক কিছুমানে “বিশ্বৰ আটাইতকৈ দীঘলীয়া ট্ৰেফিক জাম” বুলি উপহাস কৰে।
মহানগৰীৰ যান-বাহন পৰিস্থিতিক লৈ ৰাইজৰ ক্ষোভৰ লক্ষ্য হৈ পৰিছে চৰকাৰ।






























