flood news: ✒️ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী আৰু সংলগ্ন গুৰুগ্ৰামৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দিল্লী চৰকাৰে জনোৱা মতে, মঙলবাৰে পুৱা ছয় বজাত যমুনাৰ জলপৃষ্ঠই ২০৫.৬৮ মিটাৰ বিপদৰ সীমা অতিক্ৰম কৰিছে।
সূত্ৰ অনুসৰি, সন্ধিয়া পাঁচ বজাৰ পাছত যমুনাৰ জলপৃষ্ঠ আৰু ২০৬.৫০ মিটাৰলৈ বৃদ্ধি পাব পাৰে।মঙলবাৰে যমুনা নদীৰ পাৰ ফাটি যোৱাৰ পাছত দিল্লীত বানপানী হ’ব বুলি কৰ্তৃপক্ষই আশংকা প্ৰকাশ কৰিছে ।
ইতিমধ্যেই দিল্লীৰ বহু ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে। বহুতে ঘৰ এৰি সাহায্য শিবিৰলৈ গৈছে।
কৰ্তৃপক্ষই জনোৱা মতে, যমুনাৰ ওপৰত থকা পুৰণি ৰেল দলংখন মঙলবাৰে সন্ধিয়ালৈকে যাতায়তৰ বাবে বন্ধ থাকিব। নদীখনৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে দুই ছেপ্টেম্বৰ অৰ্থাৎ আজি সন্ধিয়া পাঁচ বজাৰ পৰাও বন্ধ থাকিব লোহাপুল দলং।
মঙলবাৰেও ধাৰাসাৰ বৰষুণৰ বাবে গুৰুগ্ৰামৰ বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয় বন্ধ ৰখা হৈছে । ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে।
ইফালে হাৰিয়ানাৰ হাটনিকুণ্ড বেৰেজৰ পৰা প্ৰতি ঘণ্টাত বৃহৎ পৰিমাণৰ পানী এৰি দিয়া হৈছে।ইয়াৰ ফলত ৰাজধানীৰ নিম্নভূমি অঞ্চলত বানপানীৰ আশংকা বৃদ্ধি পাইছে।
এই অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰা হৈছে। হিৰো হোণ্ডা চক, পেটেল নগৰ আৰু চিগনেচাৰ ব্ৰীজৰ সমীপৰ কেবাটাও গুৰুত্বপূৰ্ণ অংশ ডুব গৈছে।ধাৰাসাৰ বৰষুণৰ বাবে বন্ধ হৈ পৰিছে দ্বাৰকা এক্সপ্ৰেছৱেৰ চাৰ্ভিচ লেন।
উল্লেখ্য যে,মঙলবাৰে দিল্লীত মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে।সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ২২ ডিগ্ৰী চেলছিয়াছ হ’ব। গুৰুগ্ৰামত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।






























