Glacial lake :✒️হিমালয় অঞ্চলৰ ৪০০ৰো অধিক হিমবাহৰ হ্ৰদৰ আকাৰ বিপদজনকভাৱে বৃদ্ধি পাইছে। ফলত দেশত দুৰ্যোগ আৰু দুৰ্যোগৰ আশংকা বাঢ়িছে। শেহতীয়াকৈ কেন্দ্ৰীয় জল আয়োগৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। একে সময়তে আয়োগে কয় যে এই হ্ৰদসমূহৰ ওপৰত নিৰন্তৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে।
শেহতীয়াকৈ জুন মাহত প্ৰকাশ পাইছিল হিমবাহ হ্ৰদ আৰু জলপৃষ্ঠৰ মাহেকীয়া প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় জল আয়োগে জনাইছে যে এই হ্ৰদসমূহ লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, আৰু অৰুণাচল প্ৰদেশত বিয়পি আছে।
হিমবাহ হ্ৰদ এটলাছ ২০২৩ অনুসৰি ৬৮১ টা হিমবাহৰ হ্ৰদৰ ভিতৰত ৪৩২ টা ভাৰতত আছে। সেই হ্ৰদসমূহৰ আকাৰ বৃদ্ধি পোৱাৰ ফলত হিমালয়ৰ ৰাজ্যসমূহত দুৰ্যোগৰ আশংকা বাঢ়িছে।১৯১৭ হেক্টৰৰ পৰা ২৫০৮ হেক্টৰলৈ বৃদ্ধি পাইছে।
প্ৰতিবেদনত কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ১৯৭টা এনে হ্ৰদ আছে। লাডাখত ১২০ টা, জম্মু-কাশ্মীৰত ৫৭ , ছিকিমত ৪৭ , হিমাচল প্ৰদেশত ছয় আৰু উত্তৰাখণ্ডত পাঁচটা।
সৰ্বমুঠ চলিত বৰ্ষৰ জুন মাহলৈকে হিমালয় অঞ্চলত ১৪৩৫ টা হিমবাহৰ হ্ৰদ আছে। হ্ৰদবোৰৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে বিপদৰ সম্ভাৱনাও ভয়ংকৰভাৱে বৃদ্ধি পায়।
সেয়েহে কেন্দ্ৰীয় জল আয়োগে এই বিলসমূহৰ পৰ্যবেক্ষণৰ বাবে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন বুলি প্ৰস্তাৱ আগবঢ়াইছে।বিপদ ধৰা পৰাৰ লগে লগে আগতীয়াকৈ সতৰ্কবাণী দিব পৰা ব্যৱস্থা এটাও প্ৰস্তুত কৰাটো প্ৰয়োজনীয়, যাতে নিম্নভূমিৰ বাসিন্দাসকলক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পৰা যায়।






























