Yamuna River:✒️পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশত যমুনাৰ জলপৃষ্ঠ! দিল্লী-এনচিআৰত জাৰি কৰা হৈছে বান সতৰ্ক। মঙলবাৰে পুৱা যমুনাৰ জলপৃষ্ঠই (২০৫.৩৩ মিটাৰ) বিপদ সীমা স্পৰ্শ কৰিছে । নিশালৈকে ই ২০৮.৩৬ মিটাৰত উপনীত হয়।
এই হাৰত জলপৃষ্ঠ বৃদ্ধি পাই থাকিলে যমুনাই অতি সোনকালে ২০২৩ চনৰ অভিলেখ (২০৮.৬৬ মিটাৰ) ভংগ কৰিব। এই আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।
বুধবাৰেও নতুন দিল্লীতো মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী আৰ কে জেনামণীয়ে জনাইছে যে আগন্তুক ২৪ ঘন্টাত কেৱল দিল্লী-এন চি আৰ নহয়, হিমালয়ৰ কাষৰীয়া ৰাজ্যসমূহতো অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পঞ্জাৱতো হ’ব প্ৰবল বৰষুণ।
বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যমুনাৰ পানীয়ে প্লাৱিত কৰিছে। বিপদজনকভাৱে বৃদ্ধি পাইছে যমুনাৰ জলপৃষ্ঠ।
হাৰিয়ানাৰ হাতীকুণ্ডা মথাউৰিৰ পৰা পানী এৰি দিয়াৰ বাবেই এই বিপত্তি।তুলনামূলকভাৱে নিম্নভূমি অঞ্চলত গৰাখহনীয়াৰ প্ৰবল আশংকা দেখা গৈছে । আতংকিত বাসিন্দাসকলে ঘৰ এৰি নিৰাপদ আশ্ৰয় বিচাৰিছে।
মঙলবাৰে যমুনা বজাৰ আৰু স্থানীয় অঞ্চলত প্ৰৱেশ কৰে বানপানী। বেছিভাগ অঞ্চলতে কঁকালৰ ওচৰৰলৈকে পানী ।
বুধবাৰে বৰষুণৰ সম্ভাৱনা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পালেও পৰিস্থিতি আৰু অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।
পুৰণি ৰেল দলংখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আশ্বাস দিছে যে যমুনাৰ গাতে লাগি থকা অঞ্চলসমূহ বানপানীত বুৰ গৈছে যদিও মহানগৰীত এই পৰিস্থিতিৰ কোনো প্ৰভাৱ নপৰে।
বতৰ বিজ্ঞান বিভাগে হিমাচল আৰু জম্মু-কাশ্মীৰতো ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। দুয়োখন ৰাজ্যতে ইটোৰ পাছত সিটোকৈ ডাৱৰ বিস্ফোৰণ, আকস্মিক বানপানী আৰু ভূমিস্খলন সংঘটিত হৈছে।
ঠায়ে ঠায়ে বন্ধ হৈ আছে পথ। হাৰিয়ানা আৰু পঞ্জাৱতো পৰিস্থিতি অতি বেয়া।
বুধবাৰেও তাত অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বিদ্যালয়সমূহক অনলাইন ক্লাছ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক ঘৰৰ পৰা কামৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে।






























