Chhattisgarh:✒️চত্তীশগড়ত গণপতি বিসৰ্জন শোভাযাত্ৰাৰ সময়ত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। ঘাইপথত শোভাযাত্ৰাৰ সময়ত ভিৰক মহতীয়াই নিয়ে এখন বলেৰো গাড়ীয়ে।
এই ঘটনাত এগৰাকী মহিলাসহ তিনিজন লোকৰ মৃত্যু হয়। লগতে আহত হয় ২২ জন লোক। ঘটনাটোৱে এতিয়া অঞ্চলটোৰ ওপৰত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে পুৱা প্ৰায় ১২ বজাত যশপুৰ জিলাৰ বাগিচা চৰাইদান্দ পথত এই দুৰ্ঘটনা সংঘটিত হয়। কেশৱ যাদৱ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এই শোভাযাত্ৰাত কমেও ১৫০ জন লোক আছিল।
ৰাস্তাৰে গৈ থকাৰ অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই এখন বলেৰো গাড়ীয়ে হঠাৎ ভিৰতথকা ভক্তক মহতিয়াই নিয়ে। গাড়ীখন ৰাইকেৰাৰ দিশৰ পৰা আহি আছিল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত চালকজনক স্থানীয় লোকে ধৰি মাৰপিট কৰিবলৈ আৰম্ভ কৰে।আৰু গাড়ীখনত থকা আন যাত্ৰীসকল পলায়ন কৰে।
দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি আৰক্ষীয়ে দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আহত ২২ জনৰ ভিতৰত ২০ জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ বহুতৰে অৱস্থা সংকটজনক।
ইফালে দুৰ্ঘটনাৰ পাছতে আৰক্ষীয়ে জব্দ কৰিছে ঘাটক বাহনখন। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে জিলা দণ্ডাধীশ ৰোহিত ব্যাস নিশা প্ৰায় দুই বজাত চিকিৎসালয়লৈ যায়।
তেওঁ মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰে।আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নহয় তাৰো নিৰ্দেশ দিছে চৰকাৰে। যশপুৰৰ বিধায়ক ৰাইমণি ভগত দুৰ্ঘটনাৰ খবৰ পাই নিশা সেই স্থানলৈ যায়। মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।






























