এটা নহয়, দুটা নহয়, ১৮-টাকৈ দোৱানৰ ব্যাকৰণ ৰচনাৰ এক সাহসী প্রকল্প মুকলি কৰিলে নগালেণ্ড বিশ্ববিদ্যালয়ে। মুখে মুখে লোককথা বাগৰি ফুৰা পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ দোৱানসমূহৰ শিক্ষা বিজ্ঞানসম্মত কৰাৰ উদ্দেশ্যে ৰাজ্যিক স্কুল শিক্ষা সঞ্চালকালয়ৰ সহযোগিতাত নগালেণ্ড বিশ্ববিদ্যালয়ে এই পদক্ষেপ গ্রহণ কৰিছে।
এই ১৮ দোবানক ইতিমধ্যে ৰাজ্য চৰকাৰে স্বীকৃতি প্রদান কৰিছে। সম্প্রতি নগালেণ্ড বিশ্ববিদ্যালয়ে এই দোৱানসমূহক স্কুলীয়া পাঠ্যপুথিত অন্তর্ভুক্তিৰ উদ্দেশ্যে ব্যাকৰণ ৰচনাৰ সাহসী পদক্ষেপ গ্রহণ কৰিছে। এই পদক্ষেপ কেৱল এক বিদ্যায়তনিক অনুশীলন নহয়,বৰঞ্চ ইয়াক এক সাংস্কৃতিক অভিযান বুলি অভিহিত কৰিছে নগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য জগদীশ কে পাটনায়কে।
বিশ্ববিদ্যালয়ে প্রকাশ কৰা অনুসৰি, এই ১৮ দোৱানৰ উপস্থিতি শৈক্ষিক পৰিক্ৰমাত আছে যদিও ইয়াৰ এটা ভাষাৰো লিখিত ব্যাকৰণ নাই। ফলত বৰ্তমানলৈ এই দোৱানসমূহৰ শিক্ষা প্রদান সম্ভৱ হোৱা নাই। এই দোৱানসমূহৰ অন্যতম হৈছে আও, চাং, চ’ক্রি, খিয়াম্মিউনগান, কন্যাক, কুকি, কুজালে (খেজাহা), লিয়াংমাই, ল’থা, এনথেনি (দক্ষিণা ৰেংমা), এনজংখ’ৱে (উত্তৰা ৰেংমা), ফ’ম, প’চুৰী, ছাংটাম, টেনিডিয়ী (আংগামী), য়িমখিরুং আৰু জেমী।
এই দোৱানসমূহে ৰোমান লিপি ব্যৱহাৰ কৰে আৰু সংশ্লিষ্ট জনগোষ্ঠীৰ মাজত ভাৱ প্রকাশত ব্যৱহাৰ হয়। অৱশ্যে ইয়াৰে কেৱল টেনিডিয়ী, আও, ল’থা আৰু ছুমিৰ শিক্ষাহে শিক্ষানুষ্ঠানত প্রদান কৰা হয়। এই দোৱানসমূহৰ শিক্ষা অষ্টম শ্ৰেণীৰ ঊর্ধ্বলৈ পিএইছডি পর্যায়লৈ আছে।
এই ১৮ দোৱানৰ ব্যাকৰণ ৰচনা কৰিবলৈ লোৱা সন্দৰ্ভত নগালেণ্ড বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই জনায় যে নগা দোৱানসমূহক উচ্চ শিক্ষাত অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে এই প্রচেষ্টা হাতত লোৱা হৈছে। এই সম্পর্কত উপাচার্য পাটনায়কে কয়, ‘আমি কেৱল শৈক্ষিক অনুশীলনৰূপে এই কাম হাতত লোৱা নাই, ই হৈছে এক সাংস্কৃতিক অভিযান, যাৰ জৰিয়তে আমাৰ মানুহৰ ভাষিক ঐতিহ্যৰ সংৰক্ষণ, শক্তিশালী আৰু উত্তৰণ সাধনৰ লক্ষ্য লোৱা হৈছে।’
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ স’তে তাল মিলাই এই ১৮ দোৱানৰ ব্যাকৰণ লিখা হ’ব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই জনায়। সেই অনুসৰি, স্কুলৰ পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ বাবে শিক্ষণ পদ্ধতিসহ ব্যাকৰণ ৰচনা কৰা হ’ব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই জনায়। বাচ্য, কাল আদি স্কুলীয়া স্তৰৰ ব্যাকৰণৰ পাঠ্যপুথিত অন্তর্ভুক্ত হ’ব। ইয়াৰ সমান্তৰালভাৱে এই দোৱানসমূহৰ শব্দকোষ চহকী কৰাৰ প্ৰক্ৰিয়াও অব্যাহত ৰখাৰ লক্ষ্য লোৱা লৈছে সংশ্লিষ্টসকলে। উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত বহুভাষিক শিক্ষাৰ পোষকতা কৰা হৈছে। ভাষিক উপান্তকৰণৰ সমস্যা এনেদৰে দূৰ কৰাৰ লক্ষ্য লৈছে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে। ইয়াৰ আধাৰতে এই ১৮ নগা দোৱানৰ ব্যাকৰণ ৰচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
এই প্রকল্প নগালেণ্ড বিশ্ববিদ্যালয়ৰ টেনিয়িডি বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক মিমি কেভিচুছাৰ এজুঙৰ নেতৃত্বত আৰম্ভ হৈছে। এই সম্পর্কত অধ্যাপক এজুঙে কয়, ‘এটা ভাষাৰ লিখিত ব্যাকৰণ হৈছে সংশ্লিষ্ট ভাষাৰ বিমূর্ত ধৰ্মসমূহৰ আনুষ্ঠানিক প্রতিনিধিত্বকৰণ। যি সময়ত এই কাম হাতত লোৱা হৈছে, সেই সময়ত নগা ভাষাসমূহক গুণগত মান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গতিকে শিক্ষা পদ্ধতিযুক্ত ব্যাকৰণ গুৰুত্বপূৰ্ণ হৈছে। ব্যাকৰণে একোটা ভাষাৰ ৰচনা আৰু কথনৰ স্থিৰতা আৰু বচন নিয়মীয়া কৰে। ইয়াৰ সমান্তৰালভাৱে সংশ্লিষ্ট ভাষীৰ মনত গৌৰৱবোধৰ সৃষ্টি কৰে। আমাৰ এই পদক্ষেপ কেৱল পাঠ্যপুথিগত নহয়। এই পদক্ষেপে আমাৰ পৰিচয়, সংস্কৃতি আৰু খিলঞ্জীয়া লোকৰ জ্ঞান সংৰক্ষণ কৰিব।’
ইতিমধ্যে নগালেণ্ড বিশ্ববিদ্যালয়ে পদক্ষেপৰ স’তে সংগতি ৰাখি ভাষাগত কাৰিকৰী কৰ্মশালা অনুষ্ঠিত কৰিবলৈ লৈছে। ইয়াৰ অংশৰূপে অনুবাদৰ কামো আৰম্ভ হৈছে। ইয়াকে কৰিবলৈ ভাষা বিষয়া নিয়োজিত কৰা হৈছে। ব্যাকৰণৰ শিক্ষা সম্পর্কত নগালেণ্ডৰ স্কুল শিক্ষাৰ সচিব কেভিলেন’ আংগামিয়ে কয়, ‘শিশু কালৰ পৰা ব্যাকৰণ শিক্ষা প্রদান কৰিলে ছাত্ৰ-ছাত্ৰীৰ মনত ভাষা জ্ঞান স্পষ্ট হয়। ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা ভাষাগত বিভ্রান্তি দূৰ হয়।’






























