Heroin Seized in Amingaon:
আমিনগাঁৱত কামৰূপ আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে আমিনগাঁৱলত অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন সহ দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুজনৰ নাম গ’গ চুৱানটক আৰু চেইলুন বাইফেই ৷ জব্দকৃত হেৰ’ইন খিনিৰ ওজন ৯১০ গ্রাম ৷ বহু সংখ্যক চাবোনৰ বাকচত হেৰ’ইন খিনি সংগোপনে আনিছিল আটকাধীন দুই সৰবৰাহকাৰীয়ে ৷ জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় আঠ কোটি হ’ব বুলি সদৰি কৰে আৰক্ষীয়ে ৷
ADVERTISEMENT






























