Himachal Pradesh: ✒️বৃহস্পতিবাৰে পুৱা হিমাচল প্ৰদেশৰ কুল্লুৰ আৱাসিক এলেকাত সৃষ্টি হয় ভূমিস্খলন। কুল্লুৰ আখৰা বজাৰ অঞ্চলত ভূমিস্খলনৰ তলত পোত যায় কেবাটাও ঘৰ । স্থানীয় সূত্ৰ অনুসৰি ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেবাজনো লোক আহত হৈছে ।
বৰ্তমানলৈকে ঘটনাস্থলীত চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে।আৰু বহুতো লোক ধ্বংসাশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
বুধবাৰে নিশাৰ পৰা কুল্লুত অবিৰতভাৱে বৰষুণ দি আছে আৰু বৃহস্পতিবাৰে পুৱা বৰষুণ বৃদ্ধি পাইছে ।সেই সময়ত আখৰা বজাৰ অঞ্চলৰ কেবাটাও ঘৰত পাহাৰৰ পৰা নামি আহিছিল ভূমিস্খলন।
ভূমিস্খলনৰ সময়ত ঘৰবোৰত বহু লোক আবদ্ধ হৈ পৰে। দুৰ্যোগৰ পাছতে স্থানীয় লোকে উদ্ধাৰৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰ অভিযানত এটা মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজন কাশ্মীৰৰ বাসিন্দা।
স্থানীয় সূত্ৰৰ মতে, প্ৰথমটো ভূমিস্খলন পুৱাৰ ভাগত সংঘটিত হয়। ঘন জনবসতিপূৰ্ণ আখৰা অঞ্চলত সংঘটিত হৈছে এই ভূমিস্খলন।
ভূমিস্খলনৰ ফলত এটা ঘৰ ভূমিস্খলনৰ তলত পোত যায় । প্ৰথমটো ভূমিস্খলনৰ কিছু মুহূৰ্তৰ ভিতৰতে একেটা অঞ্চলতে দ্বিতীয়টো ভূমিস্খলন ঘটি কেবাটাও ঘৰ ছিন্নভিন্ন হৈ পৰে।
আব্দুল নামৰ এজন ব্যক্তিয়ে জনোৱা মতে, তেওঁৰ পৰিয়ালৰ চাৰিজন সদস্যক ধ্বংসাৱশেষৰ তলত আছে ।
এই তথ্য লাভ কৰাৰ লগে লগে স্থানীয় দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত আহি উপস্থিত হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি ২০০ মিটাৰৰ ভিতৰত দুটাকৈ ভূমিস্খলন সংঘটিত হয়।
ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বাৰিষা আৰম্ভ হোৱাৰ পৰাই ৰাজ্যত ১২২টা ভূমিস্খলন সংঘটিত হৈছে। ৯৫টা আছিল আকস্মিক বান আৰু ৪৫টা আছিল ডাৱৰ বিস্ফোৰণ।
এই পৰ্যন্ত সমগ্ৰ ৰাজ্যত ৩৪১ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত ১১ জন লোকৰ মৃত্যু হৈছে।






























