Bihar:✒️বিহাৰত ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে পাঁচজন ব্যৱসায়ী । বুধবাৰে মাজনিশা পাটনা-গয়া-ধোবিৰ মাজৰ ৮৪ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
ADVERTISEMENT
দুৰ্ঘটনাটোত থিতাতে পাঁচজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত গাড়ীখন তীব্ৰ বেগেৰে গৈ থকা বুলি অনুমান কৰা হৈছে, যাৰ ফলত বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ স’তে মুখামুখি সংঘৰ্ষ হয়।






























