Samaguri Incident:
নগাঁও জিলাৰ চামগুৰিৰ এক নং চিমনাবস্তিত ভয়ংকৰ ঘটনা ৷ নিশা শুই থকা অৱস্থাতে জীৱন্তে জাহ গ’ল মাতৃ আৰু কিশোৰ পুত্ৰ । মৃত মাতৃ- পুত্ৰৰ নাম বিনা সিং আকু সাগৰ সিং ৷
ADVERTISEMENT
বৃহস্পতিবাৰে পুৱা স্থানীয় লোকৰ খবৰ ভিত্তিত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মাতৃ- পুত্ৰৰ অৰ্ধদগ্ধ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত । আনহাতে স্থানীয় লোকৰ সন্দেহ কোনো দুৰ্বৃত্তৰ দ্বাৰাই সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷






























