Russia:✒️শেহতীয়াভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমীৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কীম জং উনৰ মাজৰ ‘বন্ধুত্ব’ বৃদ্ধি পাইছে। তৎসত্ত্বেও শেহতীয়াভাৱে চীনৰ ৰাজধানী বেইজিপ্তত দুই নেতা এক আলোচনাত মিলিত হোৱাৰ পাছতে এক কৌতূহল উদ্দীপক ঘটনা সংঘটিত হয়। পুটিনৰে আলোচনাৰ পাছতে কীমে বহা চকী, তেওঁৰ খোৱাপানী ৰখা গিলাচ আদিৰ পৰা তেওঁৰ স্পৰ্শ চিহ্ন মচি পেলোৱা হয়।
ইয়াকে কৰিবলৈ কীমৰ স’তে আলোচনাব সময়ত উপস্থিত থকা তেওঁৰ ঘনিষ্ঠসকলে ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰে। এনেদৰে কীমৰ উপস্থিতিৰ সকলো চিহ্ন মচি পেলোৱা হয়। ইয়াক লৈ বিশ্বৰ বিভিন্ন স্তৰত চৰ্চা হৈছে। একাংশ বিশেষজ্ঞৰ মতে কীমৰ ডিএনএ যাতে বিদেশী ৰাষ্ট্রই সংৰক্ষণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ কোৰিয়াৰ শাসক দলে বহুতকে স্তম্ভিত কৰি এই ব্যৱস্থা গ্রহণ কৰে।
উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান আৰু জাপানৰ বিৰুদ্ধে চীনৰ যুদ্ধ জয় স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে যোৱা বুধবাৰে বেইজিঙত এক সামৰিক কুচকাৱাজৰ আয়োজন কৰা হয়। অনুষ্ঠানত মঞ্চত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ স’তে একেলগে আসন গ্রহণ কৰে ৰুছ ৰাষ্ট্ৰপতি পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কীমে।
এই সামৰিক কুচকাৱাজৰ পাছতে কীম আৰু পুটিন কমেও এঘণ্টা সময় ধৰি এক আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছতে এক অদ্ভুত দৃশ্য দেখা যায়। কীমে স্পর্শ কৰা সামগ্ৰীসমূহ তেওঁৰ দলৰ কৰ্মীয়ে সাৱধানৰে মচি পেলায়। তেওঁৰ পানী খোৱা গিলাচ, পাত্র আদিও বাসায়নিক দ্রব্যৰে পৰিষ্কাৰ কৰা হয়।
বিশেষজ্ঞসকলৰ মতে, কীমৰ কোনো তথ্য যাতে বিদেশী গুপ্তচৰৰ হাতত নপৰে সেই উদ্দেশ্যে উত্তৰ কোৰিয়াই এনে ব্যৱস্থা গ্রহণ কৰে। কাৰণ কীমে নিবিচাৰে যে তেওঁৰ ডিএনএ সংক্রান্তীয় কোনো তথ্য বিদেশী শক্তিৰ হাতত পৰক।
কীমে হাতেৰে স্পৰ্শ কৰা বিভিন্ন আচবাব আলোচনাৰ অন্তত এনেদৰে মচি পেলোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইবেল হৈছে। এই ভিডিঅ’টো দেখা গৈছে যে পুটিনৰ স’তে আলোচনাৰ সময়ত কীমে গ্রহণ কৰা আসনখনো মুচি পেলোৱা হৈছে।
প্রথমে এই আসনৰ পাছফালৰ অংশ আৰু হাত ৰখা সাৱধানৰে মচি পেলোৱা হয়। তাৰ পাছতে তেওঁৰ আসনৰ ওচৰত থকা এখন কফি মেজো পৰিষ্কাৰ কৰা হয়। আনহাতে, এই সম্পর্কত দক্ষিণ কোৰিয়া আৰু জাপানী গুপ্তচৰ সংস্থাৰ উদ্ধৃতি দি জাপানী সংবাদপত্র ‘নিক্কেই’ প্রকাশ কৰা এক বাতৰি অনুসৰি কীমৰ পূৰ্বৰ চীন ভ্ৰমণৰ সময়ত বেইজিঙে তেওঁৰ মলমূত্র সংগ্ৰহ কৰে।
কাৰণ তেতিয়া তেওঁ মলমূত্র সংগ্রহ কৰা পাত্র (পুপ ছ্যুটকেছ) লগত ৰখা নাছিল। উল্লেখ্য যে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ স’তে অলপতে আলাস্কাত আলোচনাত মিলিত হোৱাৰ সময়ত ৰুছ ৰাষ্ট্ৰপতি পুটিনে পুপ ছ্যুটকেছ ব্যৱহাৰ কৰাৰ তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহে।
বহুতে এই বাতৰি হাঁহি মাৰি উৰুৱাই দিলেও একাংশৰ মাজত ইয়ে বিশেষ গুৰুত্ব লাভ কৰে। উত্তৰ কোৰিয়াৰ পূৰ্বৰ সৰ্বোচ্চ নেতা তথা কীমৰ পিতৃ কীম জং ইলৰ দিনতো দেশখনে এনে ব্যবস্থা গ্রহণ কৰিছিল।
এই সম্পর্কত উত্তৰ কোৰিয়াৰ নেতৃত্ব বিশেষজ্ঞ মাইকেল মাডানে কয়, ‘বিশেষ শৌচালয় আৰু মানব বর্জ যাতে কোনো বিদেশী গুপ্তচৰ সংস্থা আনকি কোনো বন্ধু দেশৰ গুপ্তচৰ সংস্থাৰ হাততো নপৰে। তাৰ বাবে পুপ ছ্যুটকেছ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। কীম জং ইলৰ স্বাস্থ্য সম্পর্কীয় কোনো তথ্য যাতে বিদেশীৰ হাতত নপৰে তাৰ বাবেও এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।’
মাডানে লগতে জনোৱা মতে, বিদেশ ভ্রমণৰ সময়ত কীম জং ইলৰ চুলি আৰু ত্বকৰ চাপো মচি পেলোৱা হৈছিল। ২০১৯ত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ স’তে ভিয়েটনামৰ হানয়ত শীর্ষ সম্মিলনত মিলিত হোৱাৰ পাছত কীমৰ কীম জং উনে থকা হোটেলৰ কোঠা তেওঁৰ ৰক্ষীসকলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি পৰিষ্কাৰ কৰে।
ইয়াৰ আগৰ বছৰ অৰ্থাৎ ২০১৮ত দক্ষিণ কোৰিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি মুন-জায়ে-ইনৰ স’তে হোৱা বৈঠকৰ পাছতো উত্তৰ কোৰিয়াৰ নেতাজনে ব্যৱহাৰ কৰা চকী-মেজ ছেনিটাইজাৰ দি পৰিষ্কাৰ কৰে তেওঁৰ দেহৰক্ষীয়ে। তদুপৰি ২০২৩ত পুটিনৰ স’তে অনুষ্ঠিত আন এক আলোচনাৰ প্রাক্মুহূৰ্তত কীমৰ নিৰাপত্তাৰক্ষীয়ে নেতাজনে বহা আসন কীটনাশক দি মুচে। আসনখন কিমান নিৰাপদ সেয়াও নিৰাপত্তাৰক্ষীয়ে পৰীক্ষা কৰে।






























