Mandir:✒️ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ৰতিয়াদহত আজি নৱ নিৰ্মিত শ্ৰী শ্ৰী ছিন্নমস্তা (মুৰীয়া) কালী মন্দিৰৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয়।
শতবৰ্ষ গড়কা ৰতিয়াদহৰ শ্ৰীশ্ৰী ছিন্নমস্তা (মুৰীয়া) কালী মন্দিৰটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰি আছিল। জৰাজীৰ্ণ মন্দিৰতে জাগ্ৰত ছিন্নমস্তাৰ পূজা ভাগি ইমান দিনে চলি আহিছিল।
ৰতিয়াদহত নতুনকৈ সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ পাছত কাষতে বিটিচিৰ প্ৰাক্তন পাৰিষদ তথা বিশিষ্ট সমাজকৰ্মী শেখৰ যাদৱে ব্যক্তিগত অনুদানেৰে মন্দিৰটো নিৰ্মাণ কৰি দিয়ে।
আজি মাংগলিক অনুষ্ঠানৰে মন্দিৰৰ দ্বাৰ যুটীয়া ভাবে উদ্বোধন কৰে গোলকগঞ্জ সম জিলাৰ আয়ুক্ত ইমকুম আই অজুকুম আৰু প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে ।
অনুষ্ঠানত আগমনি ৰাজহ চক্ৰ বিষয়া হৰেকৃষ্ণ ডেকা, কোচৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দুলাল ৰায়, জিলা সভাপতি জগদীশ চন্দ্ৰ ৰায়ৰ লগতে স্থানীয় বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। নৱ নিৰ্মিত মন্দিৰটোৱে অঞ্চলটোৰ শোভা বৰ্ধন কৰিছে।






























