Opposition VP candidate B Sudarshan Reddy arrives in Guwahati:
দেশৰ উপ- ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শুকুৰবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থী অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী ৷
ADVERTISEMENT
গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীক উস্ম আদৰণি জনায় এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,সাংসদ ৰকিবুল হুছেইন কে’বা গৰাকী বিধায়কপ্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই ৷
বিমান বন্দৰৰ পৰা ওলায়েই নিজৰ বাহনৰ আগত ডিঙিৰ গামোচা খুলি বান্ধিলে বিৰোধী প্ৰক্ষেপিত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে ৷ সন্ধিয়া ভাগত এক সংবাদমেল সম্বোধন কৰিব উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীয়ে I






























