Arunachal Pradesh:✒️পূব হিমালয়ৰ অৰুণাচল প্ৰদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিমবাহ গলনৰ হাৰ । মাত্ৰ এবছৰতে প্ৰায় ডেৰ মিটাৰ বৰফ গলিছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। যাৰ ফলত বিজ্ঞানীসকলে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাক নুই কৰা নাই।
ইতিমধ্যে অৰুণাচলৰ কেবাটাও স্থানত সতৰ্কবাণী জাৰি কৰা হৈছে। চেণ্টাৰ ফৰ আৰ্থ ছায়েন্স এণ্ড হিমালয়ান ষ্টাডিজে টাৱাঙৰ গোৰিচেন ৰেঞ্জৰ খাংৰি হিমবাহৰ নিৰীক্ষণ আৰম্ভ কৰিছে।
২০১৬ চনৰ পৰা ২০২৫ চনলৈকে চেণ্টিনেল-২ উপগ্ৰহৰ ছবিৰ বিশ্লেষণত দেখা গৈছে যে ম্যাগো চু অৱবাহিকাৰ হিমবাহবোৰ ক্ৰমান্বয়ে পিছুৱাই গৈছে, যাৰ ফলত হিমবাহৰ হ্ৰদৰ আকাৰ বৃদ্ধি পাইছে।
বিজ্ঞানীসকলৰ মতে হিমবাহৰ পৰা বৰফ অত্যাধিক গলি যোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
গৱেষক আৰু বিশেষজ্ঞসকলৰ মতে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে, যাৰ ফলত হিমবাহৰ দ্বাৰা গঠিত হ্ৰদবোৰ ফুলি উঠিছে।
কেন্দ্ৰীয় জল আয়োগৰ শেহতীয়া নিৰীক্ষণ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৪০০ৰো অধিক হিমবাহৰ হ্ৰদৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুঠ ৪৩২টা হিমবাহৰ হ্ৰদ পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে।
ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশত সৰ্বাধিক হ্ৰদ আছে।ইয়াৰ পাছতে আছে লাডাখ (১২০), জম্মু-কাশ্মীৰ (৫৭), ছিকিম (৪৭), হিমাচল প্ৰদেশ (৬) আৰু উত্তৰাখণ্ড (৫)।






























