Brahmaputra:✒️এক স্বপ্ন পূৰণ হ’ব নে দুঃস্বপ্নহে হৈ ৰ’ব বহু চৰ্চিত যোৰহাট-মাজুলী সংযোগী দলংখন? কিয়নো এটা বছৰ সম্পূৰ্ণ হ’ল দলংখনৰ নির্মাণকার্য বন্ধ হোৱাৰ। ২০২৪ৰ চাৰি ছেপ্টেম্বৰত দলংখনৰ নিৰ্মাণ যি পৰিস্থিতিত বন্ধ হৈ পৰিছিল, আজিলৈকে সেই কাম আৰু আৰম্ভ নহ’ল।
এবছৰত দলংখনৰ অর্ধনির্মিত খুঁটাক কোবাই ব্ৰহ্মপুত্ৰৰে বহু পানী বৈ গ’ল। জেং জেংকৈ ওলাই থকা লোৰ ৰডক মামৰেও আৱৰি ধৰিলে। মাজুলীৰ ৰাইজেও ৰৈ ৰৈ এতিয়া আৰু দলংখনলৈ চাই থাকিবলৈ আগ্রহ হেৰুৱাই পেলাইছে।
কাম বন্ধ হৈ থকাৰ সময়ছোৱাত কেন্দ্র-ৰাজ্য দুয়োখন চৰকাৰৰ পৰা ৰাইজে বহু আশ্বাসহে শুনিবলৈ পালে। সেই আশ্বাসৰ বাস্তৱ ৰূপ আজিলৈ কোনেও নেদেখিলে; অথচ বহু বিতৰ্কৰ মাজেৰে ২০২১ৰ জুলাইত আৰম্ভ হৈছিল দলংখনৰ নির্মাণকার্য।
বিশেষকৈ মাজুলীৰ মৌলিক পৰিচয়, জীবন-জীৱিকাৰ সুৰক্ষা আদি আছিল তেনে বিতৰ্কৰ মূল বিষয়।অসম চৰকাৰৰ তথ্য অনুসৰি, দলংখনৰ নির্মাণকার্য এই পর্যন্ত প্রায় ২১ শতাংশহে সম্পূর্ণ হৈছে।
সিমানখিনি কাম কৰিয়েই আঁতৰি যায় দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰা ‘ইউ পি ষ্টেট ব্রিজ কনষ্ট্ৰাকছন’ নামৰ প্ৰতিষ্ঠানটো। ইয়াৰ কাৰণ আজিও চৰকাৰে আনুষ্ঠানিকভাৱে সদৰী কৰা নাই যদিও উপ-ঠিকা লাভ কৰা সংস্থাৰ উপৰি নিৰ্মাণ প্ৰতিষ্ঠানটোৰ নিজৰ মাজতো সৃষ্টি হোৱা বিবাদৰ বলি হয় দলংখন।
কাম সম্পূৰ্ণ বন্ধ হৈ পৰাৰ পাছত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গডকাৰীৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মায়ো শীঘ্ৰে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব বুলি বিভিন্ন সময়ত ৰাইজক আশ্বাস দি আহিছে।
সময়ে সময়ে নির্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ দিনো ঘোষণা কৰিছে। অতিশীঘ্ৰে নতুন ঠিকাদাৰী প্রতিষ্ঠানে দলংখনৰ দায়িত্ব ল’ব বুলিও আশ্বাস দিয়া হৈছিল। অথচ বছৰ বাগৰাতো তেনে আশ্বাসৰ কোনো অগ্রগতি দৃষ্টিগোচৰ নহ’ল।
দলংখন মুকলি কৰাৰ লক্ষ্য লোৱা হৈছিল চলিত বৰ্ষৰ ডিচেম্বৰ। তাৰ পাছত সময়সীমা বৃদ্ধি কৰা হয় ২০২৬লৈ। সেয়াও যে সম্ভৱ নহয় সেই কথা স্পষ্ট। বিস্তৃত প্রকল্প প্রতিবেদন অনুসৰি দলংখনৰ দৈর্ঘ্য হ’ব ৬.৫১ কিলোমিটাৰ।
নির্মাণ ব্যয় প্রথমতে ধাৰ্য কৰা হৈছিল ৯৫৭ কোটি টকা। পৰৱৰ্তী সময়ত সেই পৰিমাণ এহেজাৰ ১৯ কোটি টকালৈ বৃদ্ধি কৰা হয়।






























