Flight:✒️পুনৰ ইণ্ডিগ বিমানত অঘটন! উৰণৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয় ইণ্ডিগ বিমান । ইয়াৰ পাছতে জৰুৰীকালীন অৱতৰণ বাৰ্তা প্ৰেৰণ কৰি পাইলটজনে এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ৰ স’তে যোগাযোগ কৰে।
তাৰ পাছত বিমানখন পুনৰ কোচি বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয়। শুকুৰবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি,শুকুৰবাৰে নিশা ১১:১০ বজাত কেৰালাৰ কোচি বিমানবন্দৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবি অভিমুখে ১৮০ জন যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা ইণ্ডিগ’ৰ ৬ই-১৪০৩ বিমানখনে উৰা মাৰিছিল।
প্ৰায় দুঘণ্টামান উৰণৰ অন্তত বিমানখনৰ যান্ত্ৰিক ত্ৰুটিৰ সৃষ্টি হয়। লগে লগে পাইলটে কোচি এ টি চিৰ স’তে যোগাযোগ কৰে। এ টি চিৰ পৰা গ্ৰীণ চিগনেল পোৱাৰ পাছতে বিমানখন ঘূৰি আহি পুনৰ কোচি বিমানবন্দৰত অৱতৰণ কৰে।
সূত্ৰ অনুসৰি যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছিল। পুৱা প্ৰায় ৩:৩০ বজাত যাত্ৰীসহ বিমানখন আবুধাবি অভিমুখে ৰাওনা হয় ।
ইণ্ডিগ’ই এক বিবৃতিত কয় যে আবুধাবি অভিমুখী ৬ই-১৪০৩ বিমানখন যান্ত্ৰিক সমস্যা ধৰা পৰাৰ পিছত কোচি বিমানবন্দৰলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ কৰা হয়।যাত্ৰীসকলৰ অসুবিধাৰ বাবেও ক্ষমা খুজিছে বিমান সংস্থাটোৱে।






























