Child death:✒️ভাৰতত শিশুমৃত্যুৰ হাৰ যথেষ্ট হ্রাস পালে। যোৱা ১০ বছৰত দেশত প্রায় ১২ শতাংশ হ্রাস পালে শিশুমৃত্যুৰ হাৰ। একে সময়তে হ্রাস পালে জন্ম আৰু মৃত্যুৰ হাৰো।
ৰেজিস্ট্রাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ নমুনা পঞ্জীয়ন ব্যৱস্থাৰ প্ৰতিবেদন ২০২৩ত তথ্য অনুসৰি, ভাৰতত জন্ম আৰু মৃত্যুৰ হাৰ ৫০ বছৰৰ পূৰ্বৰ তুলনাত প্রায় অর্ধেক হ’ল।
২০১৩ত দেশত এহেজাৰ সদ্যোজাতৰ মাজত ৪০টা শিশুৰ মৃত্যু হৈছিল আৰু ২০২৩ত এই সংখ্যা ২৫টালৈ হ্রাস পালে। শিশুৰ মৃত্যুৰ হাৰ প্রায় ৩৭.৫ শতাংশ হাস পালে।
গ্রামাঞ্চলত শিশুৰ মৃত্যুৰ হাৰ ৪৪ শতাংশৰ পৰা ২৮ শতাংশলৈ আৰু চহৰাঞ্চলত ২৭ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস পালে। ভাৰতৰ মধ্যপ্রদেশ, চত্তিছগড়, উত্তৰ প্ৰদেশত শিশুৰ মৃত্যুৰ হাৰ সর্বাধিক আৰু মণিপুৰ আৰু কেৰালাত শিশুমৃত্যুৰ হাৰ সর্বনিম্ন।
২০১৩ত দেশত জন্ম হাৰ আছিল ২১.৪ শতাংশ আৰু ২০২৩ত এই হাৰ ১৮.৪ শতাংশলৈ হ্রাস পালে। জন্মৰ হাৰ সৰ্বাধিক বিহাৰত আৰু সর্বনিম্ন আন্দামান নিকোবৰ দ্বীপপুঞ্জত। মৃত্যুৰ হাৰ ২০১৩ত প্রতি হেজাৰত ৭.০ শতাংশ আছিল আৰু ২০২৩৩ ৬.৪ শতাংশলৈ হ্রাস পালে। চত্তিছগড়ত মৃত্যুৰ হাৰ সর্বাধিক ৮.৩ শতাংশ আৰু সর্বনিম্ন চণ্ডীগড়ত ৪.০ শতাংশ।






























