Brazil:
কোৱা হয় ‘প্রেম পৃথিৱীৰ এটা ফান্দ।’ সেই ফান্দত তেওঁ কেতিয়া ক’ত পৰে কোনে ক’ব পাৰে? প্রেমে জাতি, ধর্ম বা বৃত্তিৰ লগত বৈষম্য নকৰে। ৰোমিঅ’-জুলিয়েট হওক বা দেবদাস পাৰো হওক, প্ৰজন্মৰ পৰা প্রজন্মলৈ যি বার্তা প্রতিধ্বনিত হৈ আহিছে, সেই বার্তাটো শেহতীয়া ঘটনা এটাত পুনৰ শুনা গৈছে।
শেহতীয়াকৈ ইনস্টাগ্রামত ভাইৰেল হৈছে এক অদ্ভুত প্রেম কাহিনী, কাহিনীটোৰ কেন্দুবিন্দুত আছে এগৰাকী ব্রাজিলৰ যুৱতী। ভাইৰেল যুৱতী গৰাকীৰ নাম ইমানুবেলা। কিন্তু যুৱতী কিয় হঠাতে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? ভাইৰেল সাক্ষাৎকাৰত ইমানুৱেলাই নিজৰ প্ৰথম প্ৰেমৰ কথা কয়। সেই সময়ত তেওঁৰ প্ৰেমিকজন তাইৰ কাষত থিয় হৈ আছিল।
ইমানুবেলাই কয় যে তেওঁৰ প্রেম কাহিনী বাকী পাঁচটা প্ৰেমৰ তুলনাত বহুত বেলেগ। আগতে চিনাকি বন্ধুৰ জৰিয়তে বা ডেটিং চাইটৰ জৰিয়তে যুৱতী প্ৰেমত পৰা নাছিল। চুৰি হোৱা ফোন এটাৰ জৰিয়তে প্ৰেমত পৰিছিল তেওঁ। যুৱতী গৰাকীয়ে কয় যে এদিন ফোনত কথা পাতি থাকোতে চুবুৰিৰ মাজেৰে খোজ কাঢ়ি গৈ আছিল। সেই সময়ত হঠাৎ এজন যুৱকে তেওঁৰ ফোনটো কাঢ়ি লৈ পলাই গ’ল। কিন্তু আমোদজনক কথাটো হ’ল, চোৰজনে কেৱল ফোনটো চুৰি কৰাত থমকি ৰোৱা নাছিল, যুৱতীগৰাকীৰ হৃদয়খনো চুৰি কৰিছিল।
কাষতে থিয় হৈ থকা ডেকাজনে ক’লে যে তেওঁ চোৰ। যুৱকজনে দাবী কৰিছে যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ তীব্র আর্থিক চাপৰ মাজেৰে পাৰ হৈছিল। গতিকে পেটৰ বাবেই তেওঁ চুৰি কৰিবলৈ বাধ্য হ’ল। কিন্তু চুৰি কৰাৰ পাছত হঠাতে তেওঁৰ চকুত পৰিল ফোনত যুৱতী গৰাকীৰ কিছু ছবি আৰু সেই ছবিবোৰ দেখাৰ পাছত তেওঁৰ প্ৰেমত পৰিল। ডেকাজনৰ ভাষাত, ‘সেই সময়ত মোৰ একো নাছিল। মোৰ হাতত টকা নাছিল, প্রেমিকাও নাছিল। কিন্তু ফোনত যুৱতীৰ ছবিখন দেখাৰ লগে লগে মই মনতে ক’লো অ’ কি ধুনীয়া মহিলা। ইমান ধুনীয়া যুৱতীক সততে দেখা নাযায়। আৰু তাৰ পাছত ফোনটো চুৰি কৰি আক্ষেপ কৰিবলৈ ধৰিলো।’ হাতত মাইকটো লৈ থিয় হৈ থকা সাংবাদিকজনে ধেমালিতে ক’লে, ‘তেন্তে যুৱতীৰ ফোনটো চুৰি কৰি তেওঁৰ হৃদয়খন চুৰি কৰিলা?’
সাংবাদিকগৰাকীৰ প্ৰশ্ন শুনি হাঁহি উঠে দম্পতীয়ে। যুৱকজনে ফোনৰ তথ্যৰ পৰাই যুৱতী গৰাকীৰ পৰিচয় গম পোৱা বুলি জানিবলৈ দিয়ে। তাৰ পাছত যুৱতী গৰাকীক বিচাৰি পাই ফোনটো ঘূৰাই দিলে।যুৱতী গৰাকীয়ে যুৱকজনৰ এই কার্যত সুখী হৈ প্ৰেমত পৰিল।
এই ঘটনা প্রথম পোহৰলৈ আহিছিল ২০২৪ত। কিন্তু শেহতীয়াকৈ ইণ্টাৰনেটৰ শক্তিৰ বাবে এই ভিডিঅ’টো পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যোৱা দুবছৰ ধৰি একেলগে থকাৰ কথা জানিবলৈ দিয়ে দম্পতীয়ে। কিন্তু দুর্ভাগ্যজনকভাবে যুৱতী গৰাকীৰ পৰিয়ালে এতিয়াও তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাই। যদিও পৰিয়ালৰ লোকে বিষয়টো মানি নলয়, তথাপি নেটিজেনৰ এটা অংশই এনে এক বেলেগ প্রেম কাহিনী শুনি আনন্দিত হৈ পৰে। ইতিমধ্যে ২০ লাখতকৈ অধিক লোকে ছ’চিয়েল মিডিয়া এক্সত এই ভিডিঅ’টো চাইছে। ফোন চুৰি আৰু মাঞ্চুৰীৰ এই কাহিনী ইনস্টাগ্রাম আৰু ফে’চবুকতো দ্রুতগতিত বিয়পি পৰিছে।






























