Golokganj:
গোলকগঞ্জ আৰক্ষীৰ জালত দুই পিতা -পুত্ৰ। ই- ৰিক্সা চুৰিৰ অভিযোগত গোলকগঞ্জ আৰক্ষীৰ জালত জহিৰুল ইছলাম আৰু পুত্ৰ ৰোজ আহমেদ। ড্ৰাগছ আসক্ত ৰোজ আহমেদ পূৰ্বতেও চুৰিকাণ্ডক সংঘটিত কৰি আলহী হৈছিল ৰঙাঘৰৰ। কিছুদিন পুৰ্বে ৰোজ আহমেদে ই ৰিক্সা চুৰ কৰি বিক্ৰী কৰিছিল হালাকুৰাৰ মিজানুৰ ৰহমানৰ ই-ৰিক্সা শ্ব’ৰমত।
গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছিল ই ৰিক্সা। মিজানুৰ ৰহমানৰ ই-ৰিক্সা শ্বৰূমৰ চি চি টি ভি পৰীক্ষা কৰি গোলকগঞ্জ আৰক্ষীয়ে যোৱা নিশা হালাকুৰাৰ বিদ্যা ডাবৰি পঞ্চম খণ্ডত অভিযান চলাই ই ৰিক্সা চুৰিত অভিযুক্ত দুই পিতা পুত্ৰক আটক কৰে। আজি দুয়োকে আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে।
ADVERTISEMENT






























