Morigaon:
মৰিগাঁও জিলা কাৰাগাৰৰ পৰা কয়দী পলায়নৰ ঘটনাৰ স’তে জড়িত মহিলাক আটক ৷ মৰিগাঁও আৰক্ষীয়ে জাগীৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে অজন্তা ডেকা নামৰ মহিলা গৰাকীক ৷ বৰ্তমান কাৰাৰুদ্ধ দুই কয়দীৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে মহিলা গৰাকীক I
উল্লেখ্য যে,এটা পষেক পূবে POCSO গোচৰত মৰিগাঁও জিলা কাৰাগৰত কাৰাৰুদ্ধ হৈ থকা দুই কয়দী দেৱাল বগাই পলাই পলায়ন কৰিছিল কাৰাগাৰৰ পৰা ৷
অৱশ্যে অসম আৰক্ষীৰ তথ্যানুসৰি কৰ্ণাটক আৰক্ষীয়ে দুই কয়দী ক্ৰমে সুব্ৰত সৰকাৰ আৰু জিয়াৰুল ইছলামক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰে যোৱা সপ্তাহত ৷ আটকাধীন দুই কয়দীয়ে আৰক্ষীক স্বীকাৰোক্তি দিয়ে যে তেওঁলোকক কাৰাগাৰৰ পৰা পলায়ন কৰাত সহায় কৰিছিল অজন্তা ডেকা নামৰ মহিলা গৰাকীয়ে ৷ অৱশেষত আৰক্ষীৰ জালত পৰে মহিলা গৰাকী।






























