Maoist:✒️ঝাৰখণ্ডৰ চাইবাছাত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা মুখামুখি সংঘৰ্ষত এনকাউণ্টাৰত নিহত মাওবাদী নেতা অমিত হান্সদা ওৰফে আপটন । দেওবাৰে এই কথা প্ৰশাসনে অৱগত কৰে ।
তথ্য অনুসৰি, পশ্চিম সিংভূমৰ সাৰন্দাৰ বনাঞ্চলত হয় এই এনকাউণ্টাৰ ।ঘটনাস্থলীৰ উদ্ধাৰ হৈছে বহু সংখ্যক আগ্নেয়াস্ত্ৰ, বিস্ফোৰক আৰু অন্যান্য অস্ত্ৰ ।
এনকাউণ্টাৰৰ অন্তত বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী চলায়।কিছুদিন পূৰ্বে মাওবাদীৰ স’তে হোৱা সংঘৰ্ষত দুজন আৰক্ষীৰ মৃত্যু হৈছিল।
এজন গুৰুতৰভাৱে আহত। ইয়াৰ পাছতে তিনি ছেপ্টেম্বৰৰ মাজনিশা পুনৰ আৰম্ভ হয় সংঘৰ্ষ।
দৰাচলতে ইতিমধ্যেই খবৰ আহিছিল যে মাওবাদী নেতা শশীকান্ত গঞ্জুৱ যাৰ মূৰৰ মূল্য ১০ লাখ টকা, সম্ভৱত সেই পথেৰে নিজৰ গাওঁ কেডাললৈ গৈ কৰম উৎসৱত অংশগ্ৰহণ কৰিব পাৰে। সেনাই জঙ্ঘলৰ ঘেৰাও কৰে । ইয়াৰ ওমান পায় শশীকান্ত আৰু তেওঁৰ সংগীয়ে গুলী চলাবলৈ ধৰে।
বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। এই এনকাউণ্টাৰত নিহত হয় অমিত। আহত তিনিজন আৰক্ষী। লগে লগে দলটনগঞ্জৰ মেদিনিৰাই চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। শশীকান্তক এতিয়াও বিচাৰি পোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোত এতিয়াও তালাচী অব্যাহত আছে।উল্লেখ্য যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা দিছে গৃহমন্ত্ৰী অমিত শ্বাহে।
তেতিয়াৰ পৰা চত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ডৰ দৰে মাওবাদী আক্রান্ত ৰাজ্যত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।
চোৰাংচোৱা তথ্য অনুসৰি চত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদী দুৰ্গসমূহৰ ভিতৰত অন্যতম।
এই অঞ্চলৰ পৰা মাওবাদক শিপা উভালি পেলাবলৈ প্ৰায় তিনি হেজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। দেশৰ বাকী অংশতো নিৰাপত্তা বাহিনীয়ে অবিৰত অভিযান চলাইছে।






























