Accident:✒️মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শনিবাৰে নিশা নিয়ন্ত্ৰণ হেৰুৱাই শিপ্ৰা নদীত বাগৰি পৰে আৰক্ষীৰ এখন বাহন। সেই সময়ত গাড়ীখনত আছিল তিনিজন আৰক্ষী জোৱান।ঘটনাটোত গোটেই কেইজন নদীত উটি যায়।
প্ৰাপ্ত তথ্য অনুসৰি,১২ ঘণ্টীয়া তালাচী অভিযানৰ অন্তত দেওবাৰে পুৱা নদীৰ পৰা উনহেল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অশোক শৰ্মাৰ মৃতদেহ উদ্ধাৰ হয়। এতিয়াও সন্ধানহীন হৈ আছে আৰু দুজন আৰক্ষী জোৱান। তেওঁলোকক বিচাৰি উলিয়াবলৈ অভিযান চলি আছে।
আৰক্ষী সূত্ৰ অনুসৰি, উনহেল আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া অশোক শৰ্মা, উপ-পৰিদৰ্শক মদন লাল আৰু এগৰাকী মহিলা কনিষ্টবল আৰতি পালৰ নেতৃত্বত এটা গোচৰৰ তদন্তৰ বাবে তেওঁলোক ওলাই আহিছিল।
উজ্জয়িনীত তদন্তৰ কাম সম্পূৰ্ণ কৰি উনহেললৈ উভতি অহাৰ পথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।
শনিবাৰে নিশাৰ পৰাই তেওঁলোকৰ ফোন চুইচ অফ হৈ আছিল। তিনিওজনৰে মোবাইল লুকেচন শিপ্ৰা দলং দেখা গৈছিল। ইয়াৰ পাছতে চিন্তিত হৈ সংশ্লিষ্ট সহকৰ্মী আৰু জিলা প্ৰশাসনে তেওঁলোকৰ অনুসন্ধান আৰম্ভ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰামঘাটৰ সমীপৰ এখন দলঙৰ ৰেলিং ভাঙি এখন বগা ৰঙৰ ক্ৰেটা গাড়ী পানীত পৰি থকা দেখিছিল। প্ৰবল সোঁতৰ বাবে তাত থকা কোনো এজনকো সহায় কৰাটো সম্ভৱ নহ’ল। ইয়াৰ পাছতে নদীখনত তালাচী অভিযান আৰম্ভ হয়।
উজ্জয়িনীৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে নিৰুদ্দেশ হোৱা আৰক্ষী জোৱানক বিচাৰি এনডিআৰএফ, আৰক্ষী, হোমগাৰ্ড আৰু স্থানীয় ডুবাৰুৱে অভিযান চলাইছে। অৱশ্যে এতিয়ালৈকে বাহনখন উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাটোৰ কেনেদৰে ঘটিল তাৰো তদন্ত অব্যাহত আছে।






























