Uttarakhand:✒️হিমাচল প্রদেশত চলিত বর্ষাত যোৱা ২৪ জুলাইৰ পৰা সাত আগষ্টৰ সময়ছোৱাত বৃষ্টি, বান, ভূমিস্খলনৰ দৰে ঘটনাত ৩৬৬ জন লোকৰ মৃত্যু হ’ল। ৰাজ্য চৰকাৰে সদৰী কৰা অনুসৰি, প্ৰতিকূল বতৰৰ ফলত ৰাজ্যখনত ৪.০৭ লাখ কোটি টকাৰ ক্ষতি হৈছে।
ছিমলাত ১১৬ শতাংশ আৰু কুল্লুত ১১৩ শতাংশ বৃষ্টিপাত আৰু ই স্বাভাৱিকতকৈ দুগুণ আছিল। ইফালে, পঞ্জাৱৰ ২৩ খন জিলা এতিয়াও বান প্রভাৱিত হৈ আছে। লুধিয়ানাৰ সছৰালি বান্ধ যিকোনো মুহূর্ততে ভাঙি যোৱাৰ আশংকা প্রকট হৈছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ন ছেপ্টেম্বৰত পঞ্জাৱৰ বান প্রভাবিত অঞ্চল পৰিদৰ্শন কৰিব। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ নৌগাঁও অঞ্চলত কালি সন্ধিয়া ডাৱৰ বিস্ফোৰণ হৈছিল। প্ৰৱল বৃষ্টিত ৰাজপথত থকা কে’বাখনো গাড়ী পানীত উটি গৈছিল।
বতৰ বিজ্ঞান বিভাগে দেওবাৰে মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানত বৃষ্টিৰ ৰঙা সতর্কতা, গোৱাত কমলা সতর্কতা আৰু মধ্য প্রদেশ-বিহাৰসহ ২০ ৰাজ্যত হালধীয়া সতৰ্কতা জাৰি কৰিলে।






























