Guwahati:✒️অলপতে মেঘালয়ৰ এটা খাচী পর্যটক পৰিবহণ সংস্থাই ৰাজ্যখনৰ মূল পর্যটনস্থলীসমূহত অসমত পঞ্জীয়নকৃত বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাক লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ পৰ্যটক পৰিবহণ সংস্থা।
সংস্থাই স্পষ্ট কৰি দিছে যে মেঘালয়ৰ পৰিবহণ সংস্থাটোরে এই নিষেধাজ্ঞা বলবৎ কৰিলে তাৰ প্ৰত্যুত্তৰৰূপে গুৱাহাটীৰ বৰঝাৰ বিমানকোঠ আৰু গুৱাহাটীৰ ৰেল ষ্টেছনত মেঘালয়ৰ বাহনৰ যাত্রী উঠোৱা-নমোৱা কৰিবলৈ দিয়া নহ’ব।
এক বিবৃতিত এই কথা সদৰী কৰি মটৰ পৰিবহণ সম্মিলিত সেৱা কৰ্মী মঞ্চ, অসমে কয়, ‘অল খাচী মেঘালয় ট্যুৰিষ্ট টেক্সি এছ’চিয়েছনে বাজ্যখনৰ মূল পর্যটনস্থলীসমূহত অসমত পঞ্জীয়নকৃত বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা বাহাল ৰাখিছে। গতিকে আমি মেঘালয়লৈ বাহন চলাচল বাতিলৰ সিদ্ধান্ত লৈছো। এনে এক প্রেক্ষাপটত মেঘালয়স্থিত বাহনসমূহকো গুৱাহাটী ৰেল ষ্টেছন আৰু বৰঝাৰ বিমানকোঠত যাত্রী উঠোৱা-নমোৱা কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছো। লগতে খাদ্যবাহী ট্রাক, তেলৰ টেংকাৰকে ধৰি প্রয়োজনীয় সেবাসমূহৰ বাহনো মেঘালয়ত প্রৱেশ কৰিবলৈ দিয়া নহ’ব বুলি আমি জনাই দিছো।’
এনে পদক্ষেপে মেঘালয়ক পর্যটকশূন্য স্থানলৈ পৰিৱৰ্তন কৰিব বুলি সংস্থাই সকীয়াই দিছে। চুবুৰীয়া ৰাজ্যখনৰ পৰিবহণ সংস্থাটোৰ কাৰ্যত অযুক্তিসংগত আৰু স্বাৰ্থপৰতা বুলিও অসমৰ এই পৰিবহণ সংস্থাই আখ্যা দিছে। সংস্থাটোৱে লগতে কয়, ‘অসমত পঞ্জীয়নকৃত পর্যটক বাহনসমূহৰ বৈধ অনুমতিপত্র (পার্মিট) আছে। অসমৰ উপৰি মেঘালয় আৰু অৰুণাচল প্রদেশত চলোৱাৰো অনুমতি এই বাহনসমূহৰ আছে। আনকি কিছু সংখ্যক বাহনৰ সমগ্ৰ দেশতে চলোৱাৰ অনুমতিও আছে। আমাৰ এই বাহনসমূহে মেঘালয়লৈ পর্যটক নিয়াৰ আইনগত অনুমতি আছে।’
সংস্থাই লগতে স্পষ্ট কৰি দিছে যে ছিকিমে গ্রহণ কৰা আৰ্হি মেঘালয়ত বলবৎ কৰিব নোৱাৰি। কাৰণ ছিকিমৰ স’তে মেঘালয়ৰ সাংবিধানিক আৰু ভূ-ৰাজনৈতিক পার্থক্য আছে। দেশৰ সংবিধানৰ ৩৭১ (এফ) অনুচ্ছেদ আৰু স্পর্শকাতৰ সীমান্তই ছিকিমক বিশেষ স্থানত পৰিণত কৰাৰ বিপৰীতে মেঘালয়ৰ ক্ষেত্ৰত এনে ব্যৱস্থা নাই বুলি সংস্থাই বিবৃতিত উল্লেখ কৰিছে।
সংস্থাই লগতে কয়, ‘আমি দেখিছো যে মেঘালয়ৰ খাচী পর্যটক টেক্সি সংস্থাই ছিকিম সদৃশ এক ব্যবস্থা পাহাৰীয়া ৰাজ্যখনতো বলবৎ কৰাৰ দাবী উত্থাপন কৰিছে। কিন্তু বুজি পোৱা প্ৰয়োজন যে ভূ-ৰাজনৈতিক অৱস্থান আৰু ৰণকৌশলজনিত গুৰুত্বৰ বাবে ছিকিমক ভাৰত চৰকাৰে বিশেষৰূপে গ্রহণ কৰিছে। কাৰণ ৰাজ্যখন ভূটান, নেপাল আৰু তিব্বত (চীন) সীমান্তত অৱস্থিত। দেশৰ সংবিধানৰ ৩৭১ (এফ) অনুচ্ছেদে ছিকিমক খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে বিশেষ অধিকাৰ প্ৰদান কৰিছে।’
গতিকে খাচী পর্যটক টেক্সি সংস্থাৰ কাৰ্য মানি ল’ব নোৱাৰি বুলি অসমৰ এই পর্যটক টেক্সি সংস্থাই স্পষ্ট কৰি দিছে।




































