Bhupen Hazarika:ইলেক্ট্র’নিক ভীষ্ম মই, মই নমৰো !
কিয় কৈছিল ভূপেন হাজৰিকাই,মই বুদ্ধিজীৱী নহয়, কণ্ঠজীৱীহে,
২০০৪ত ড° ভূপেন হাজৰিকাৰ স’তে নির্বাচনী প্ৰচাৰত এদিন
#চেমিম চুলতানা আহমেদ
অসাধাৰণ শিল্পীৰ ৰাজনৈতিক যাত্ৰাৰ কিছু মুহূর্ত সাংবাদিকৰ লেন্স’ৰে তুলি ধৰাৰ ‘এছাইনমেন্ট’ৰ সেইমুহূৰ্তৰ উৎকণ্ঠা, উত্তেজনা আৰু আজি ইয়াৰ স্মৰণৰ মুহূৰ্তৰ কি কৰো, কি নকৰো ভাব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ২০১৪ৰ লোকসভা নির্বাচনত বিজেপিৰ প্রার্থীৰূপে চলোৱা প্ৰচাৰাভিযানৰ এটা দিনৰ আমি সাক্ষী হৈছিলো।
‘দৈনিক অগ্রদূত’ত প্রকাশিত তাৰ বিস্তাৰিত প্ৰতিবেদনৰ কিয়দংশ আজি তেওঁৰ জন্ম শতবর্ষ তুলি ধৰা হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰূপে ড: হাজৰিকাৰ প্ৰচাৰাভিযানৰ বাতৰি সংগ্ৰহৰ যাত্রাপথত তেওঁ কৈছিল ভিন্নৰঙী, ভিন্নৰসী কথা।
২০০৪ৰ মেঘে ওন্দোলাই অনা গোমা আকাশ। পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ। মেঘৰ গিৰগিৰ শব্দ। মনলৈ আহিল ড° ভূপেন হাজৰিকাৰ ‘মেঘে গিৰগিৰ করে’ গীতটি। নিজৱাপাৰৰ নাতিদুবত থকা পাহাৰবোৰত ক’লা ডাৱৰে বাৰে বাৰে খুন্দিওৱা দেখি এই গীতটি আৰু অধিক বিমূর্ত ৰূপত মানসপটত ভাহি উঠিল। উঠাৰ কথাই। আমি গৈ আছে ড° ভূপেন হাজৰিকাৰ বাসগৃহলৈ। বিজেপি প্রার্থী হৈও নিজকে কেৱল পোচাক সলোৱা কমুনিষ্ট বুলি দাবী কৰা, গান্ধীবাদ-মার্ক্সবাদক ‘আউটডেটেড’ বুলি মন্ত্র। কৰা এইজন ভূপেন হাজৰিকাৰ ৰাজনৈতিক অভিযানৰ এটা দিনৰ সাক্ষ্য বহন কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ সংগীতক আৰু অধিক মানুহ্যমণ্ডিত ৰূপত মেঘৰ গুৰ ওৰ শব্দই কঢ়িয়াই অনাটো একো অস্বাভাবিক নহয়।
#পকেটতে থকা চশমা বিচাৰি হায়ৰাণ
নিজৰাপাৰৰ বিখ্যাত বাসগৃহটোৰ পৰা আমাৰ যাত্রা আৰম্ভ হৈছিল। আমি অপেক্ষা কৰি থকা কোঠাটোত অৱশেষত প্রবেশ কৰিলে নীলা-ক’লা ৰং মিশ্রিত পেন্ট, ফুলাম ছার্ট, ক’লা টুপী, ক’লা জেতা পৰিহিত ড° হাজৰিকাই। কোঠাটিত সোমায়ে হাজৰিকাই বিজেপি নেতা তথা হস্তী বিশেষজ্ঞ মনোজৰাম ফুকনলৈ চাই হাঁহি হাঁহি ক’লে, ‘যোৱা নিশা মোৰ প্ৰেচাৰ বহু হাই হৈছে। গেছৰো কিছু সমস্যা হৈছে। কালিৰ দৰে যাতে কষ্ট নহয় চাবা। আজি মই না ক’লে না আৰু। বিজেপিৰ কর্মী এজনে গুৱাহাটীৰ সমস্যাৱলী সম্পর্কত কিছু পইন্ট লিখি ড° হাজৰিকাৰ হাতত দিলে। হাজৰিকাই চশমা বিচাৰি হায়ৰাণ হ’ল। কাষত ৰৈ থকা চিৰঞ্জীৱ বৰুৱাই দেখুৱাই দিলে-চশমাযোৰ তেওঁৰ পকেটতে আছে।
# ঈদৰ পোলাওৰ গোন্ধ
তাৰ পাছত তেওঁ আমাৰ পৰিচয় ল’লে। নামটো শুনি কলে, ‘তুমি মাছখোৱাৰ নে ভৰলুমুখৰ। আগতে ভৰলুমুখত ঈদত আমি ঘৰে ঘৰে সামান্য মত বিনিময়ৰ পাছত তেওঁ বাহিৰলৈ ওলাই আহি সাক্ষাৎকাৰ দিয়াত ব্যস্ত হ’ল। গালে, ‘স্নেহে আমাৰ শত শ্রাৱণৰ……।’
# মই ২৩ বছৰীয়া ডেকা
নিজকে ভোটৰ ভিক্ষাৰী বুলি আখ্যা দি তেওঁৰগৰ কৰি ক’লে, ‘আন কথা বাদ দে, ভূপেন হাজৰিকাক ভোট দে।’ বৰষুণৰ বাবে নির্বাচনী সভাত কোনো অসুবিধাৰ সম্মুখীন হোৱা নাই বুলি কৈ তেওঁ কষ, ‘বৰষুণ সত্ত্বেও ৰাইজৰ মৰমৰ বৰষুণ মই পাইছো। মই এনেয়েও ২৩ বছৰীয়া ডেকাটি বুলি অনুভৱ কৰো। এতিয়া মই অসমৰ পাহাৰে-ভৈয়ামে ঘুৰি সঁচাকৈয়ে ২৩ বছৰীয়া অনুভৱ কৰিছো।’ কিছু সময়ৰ বাবে কোঠা লৈ সোমাই পুনৰ ওলাই তেওঁ গাড়ীত বহিল। হাতত এজাপ বাতৰি কাকত।
# মানুহে মোক চুব খোজে
অৱশেষত ১২-১০ত যাত্রা আৰম্ভ হ’ল। গাড়ীখনত চালকৰ কাষৰ আসনত ড° হাজৰিকাৰ প্ৰচাৰৰ কাম তদাৰক কৰা বিশিষ্ট ব্যৱসায়ী তথা সমাজকর্মী বিশ্বজিৎ বৰকাকতী, পাছফালে ভুপেনদা, নিৰাপত্তাৰক্ষী আৰু একেবাৰে পাছত তেওঁৰ ব্যক্তিগত সহায়কাৰী বিজয় মণ্ডল। পাছৰ গাড়ীখনত মনোজৰাম ফুকন, এজন বিজেপি কর্মী আৰু আমি। একেবাৰে আগত নিৰাপত্তাৰক্ষীৰ গাড়ী এখন। মির্জা পালোগৈ প্রায় দুপৰীয়া ১-৩০ বজাত। মানুহবোৰে জুম বান্ধি বান্ধি ড° হাজৰিকাক চাইছে। তেওঁলোকৰ এই আকর্ষণ সংগীতজ্ঞ ড° হাজৰিকালৈ নে নির্বচনী প্রার্থী ড° হাজৰিকালৈ সেয়া অৱশ্যে বুজা নগ’ল। মির্জাৰ মূল কেন্দ্ৰৰ পৰা দহ মিনিটৰ বাট গৈ বৰিহাটৰ ত্রিষবা আঞ্চলিক কলা সংঘত ড° হাজৰিকাৰ নির্বাচনী সভা। সমবেত ৰাইজলৈ চাই ড° হাজৰিকাই ক’লে, ‘ৰাইজ, মই বহু সোনকালে ঘৰৰ পৰা ওলাইছিলো। কিন্তু বাটত মানুহে ৰখাই দেৰি কৰিলে। মানুহে মোক চাব খোজে, চুব খোজে।’
# মই মন্ত্রী হ’ব বিচৰা নাই। নগালেণ্ডৰ দৰে আলফাৰ লগতো তৃতীয় দেশত কথা পাতিবলৈ ক’ম
মনোজৰাম ফুকনে প্রথমতে বক্তৃতা দি শেষ কৰি বহিবলৈ লওঁতেই ড° হাজৰিকাই কৃষকৰ গানটো গাবলৈ ক’লে। একান্ত বাধ্য ছাত্ৰৰ দৰে ফুকনেও গালে, ‘হে মোৰ ধৰিত্ৰী আই। এইবাৰ হাজৰিকাই আসনৰ পৰা উঠি কলে, ‘হে প্রভু বৰষুণ নানিবা। এনেয়ে ভয় লাগি আছে। মই গান গাবলৈ অহা নাই। ভিক্ষা খুঁজিবলৈ আহিছো। এটা ভোট বিচাৰিছো এটা কাৰণত। মই মন্ত্রী হ’ব বিচৰা নাই। সংসদৰ শক্তিশালী সদস্য হ’ব বিচাৰো। কেন্দ্ৰৰ টকা ঢালি ঢালি তৰণ গগৈয়ে গঢ়া সোণৰ অসমখন দেখিলো। মই নগালেণ্ডৰ দৰে আলফাৰ লগতো তৃতীয় দেশত কথা পাতিবলৈ ক’ম।’ প্রতিখন সভাতে ড° হাজৰিকা এই আশ্বাসত মুখৰ। তাৰ পাছত তেওঁ প্রতিখন সভাত গোৱাৰ দৰে এইখন সভাতো গালে, ‘মানুহ মানুহৰ বাবে।’ লগতে গালে, মহাবাহু ব্রহ্মপুত্র।’ মুখ্যমন্ত্রীয়ে মোক
# মুখ্যমন্ত্রীয়ে মোক কেপিটেলিষ্ট বুলি কৈছে, মই কৈছো এৰিষ্টক্রেন্ট বুলি
এইটো আপোনালোকৰ লোকসভাৰ কিমান নম্বৰ সমষ্টি? ভয় নাখাব। ময়ে নাজানো ইলেকট্রনিক মেচিনত কেনেকৈ ভোট দিয়ে।’ এইদৰে নানা কথাকে ভাষণ দি হঠাতে ড° হাজৰিকাই ৰাইজলৈ চাই সুধিলে, ‘হেৰি, আপোনাৰ বাৰু খং উঠিছে নেকি? আৰু আপুনি। আপুনি বাৰু হাঁহিছে নেকি?’ এইখন সভাতে তেওঁ কলে, ‘বুইছে ৰাইজ, এতিয়া মই সৰু সৰু কাজিয়া কৰি ফুৰিছো। মোক মুখ্যমন্ত্রীয়ে কেপিটেলিষ্ট বুলি কৈছে। মই এৰিষ্টফ্লেট বুলি। মানে অভিজাত। কিৰিপে হেনো কৈছে এইবাৰ মাৰিলো মৃত্যুবাণ। চিন্ত নাই, মই কাটি ল’ম। ইলেকট্রনিক ভীষ্ম মই। মই নমৰো।’
# হে প্রভু, দুমুঠি খুবাবা
প্রায় ২-৩০ বজাত সভা শেষ কৰি জিলা পৰিষদৰ সভাপতি দীনেশ চৌধুৰীৰ ঘৰলৈ দুপৰীয়াৰ ভাতসাজ খবলৈ আটায়ে ৰাওনা হ’ল। চৌধুৰীৰ ঘৰৰ বাৰান্দাত জোযোৰ খুলি তেওঁ ‘হে প্রভু, দুমুঠি খুৱাবা আৰু’ বুলি কৈ চকু টিপিয়াই হাঁহিলে। কিছু সময় জিৰণি লৈ ভাতৰ পাতত বহিল। কাঁহৰ কাহীত শাক ভজা, বেচনেৰে পটল ভজা, কেচা তিয়হ, দুখনকৈ মাছৰ আঞ্জাৰে ভাতসাজ দেখি ড° হাজৰিকাৰ চকু তিৰবিৰাই উঠিল। মুখেৰে আপোনা আপুনি ওলাই আছিল-‘বড়িয়া।’ নানা স্বৰ্গতোক্তি কৰি তৃপ্তি পূৰাই ভাত খাই খাই ড’ হাজৰিকাই চৌধুৰীৰ ঘৰৰ মহিলাগৰাকীলৈ চাই ক’লে, বড়িয়া ‘পুঠিগিলাৰ ডিমা হৈছি বুজছা। বঢ়িয়া সোৱাদ! হেৰা বোৱাৰী, ভাত ৰান্ধিবলৈ ক’ত শিকিলা? মাৰৰ ঘৰতনে?’ বোৱাৰীৰ উত্তৰ, ‘অ’ মাৰ ঘৰতেই।’ তেওঁৰ কাষত বহাজনে খোৱা শেষ কৰি বাকীবোৰৰ খোৱা শেষ হোৱালৈকে অপেক্ষা কৰি থকা দেখি তেওঁ ৰগৰ কৰি ক’লে, ‘হাত ধোৱা, আৰু কি আশা কৰিছা।’
# মই বুদ্ধিজীৱী নহয়, কণ্ঠজীৱীহে
কথা প্রসংগত আমাক ড° হাজৰিকাই বুদ্ধিজীৱীসকলে তেওঁলৈ কৰা ছটা প্রশ্ন প্রসংগ উত্থাপন কৰি ক’লে, ‘তেওঁলোকে একো নতুন কথা কোৱা নাই। বিজেপিৰ ইতিমধ্যে প্রকাশিত পুথিবোৰত তেওঁলোকৰ প্রশ্নৰ উত্তৰ আছো তেওঁলোকক ক’ত আছে জনাব লাগিব। মই বুজলব নোৱাৰিম। মই বুদ্ধিজীৱী নহয়, কণ্ঠজীৱীহে। ফেৰ মাৰিব নোৱাৰিম বুজিছা।’ ভাতসাজ খোৱাৰ পাছত তেওঁ দুটা কমলা খালে। দুজনমানে জিৰণি লবলৈ কোৱাত তেওঁ নাকচ কৰি ক’লে, ‘মোক জিৰণি নালাগে। মই ইলেকট্ট ‘নিক মেন।’
# একেখন গাড়ীতে আমাৰ যাত্ৰা আৰম্ভ হ’ল: কৈ গ’ল বহু কথা
৪-১৫ত পুনৰ ৰাওনা হ’লো। এইবাৰ গাড়ীত ড° হাজৰিকাৰ কাষতেই বহাৰ সুযোগ পালো তেওঁৰেই জহত। কৈ গ’ল নানা প্রসংগ, ‘ব’হাগৰ নতুন প্রকৃতি আৰু ৰাজনৈতিক প্রকৃতিৰ সংঘাত হৈছে। দুয়ো দুয়োৰে পৰা নতুন চিন্তু আৰু নতুন কাম বিচাৰিছে। মেষ বা বৰষুণ একোৱেই বাধা দিব পৰা নাই। বিহুৰ নির্বাচন, নির্বাচনৰ বিহু হৈছে।’ আলফাৰ লগত কথা পতাৰ বিষয়টো উত্থাপন কৰাত তেওঁ লগে লগে ক’লে, ‘মই চেষ্ট কৰিম। কিন্তু মই মধ্যস্থতা কৰিব বিচৰা নাই। মই লগ লগাইহে দিব বিচাৰিছে।
প্রাথমিক কথা-বতৰাৰ এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছো।’ কিন্তু তেওঁ হঠাতে কিয় সৰৱ হ’ল বুলি সোধাত ড° হাজৰিকাই ক’লে, ‘লেটাই টু দ্য এডিটৰ হৈ কিমানদিন থাকিবা ! এতিয়া সুযোগ পাইছো, সেয়েহে কৈছো। সংসদলৈ যাব পাৰিলে বিশ্বকে ক’ম।’ ছালফাৰ প্রসংগত তেওঁ সৰৱ হৈ ক’লে, ‘মই ছালফাৰ কথা উল্লেখেই কৰা নাই। কাকতে ভুল লিখিছে। মই কৈছো যে দহ হেজৰ ল’ৰা আজি ছেদেলি-ভেদেলি হৈছে। আলফা আৰু ছালফা দুয়োটা কংগ্রেছৰে সৃষ্টি। ঘুৰি অহা খিনিয়েও স্বীকৃতি পোৱা নাই। প্রত্যেকে অতি শিক্ষিত বুদ্ধিমান ল’ৰা।’
# মাতৃভূমিত জিৰণি ল’বলৈ আহিছো
হঠাতে প্রসংগ সলনি কৰি ড° হাজৰিকাই ক’বলৈ আৰম্ভ কৰিলে, ‘মানুহে কৈছে মই হেনো উৰণীয়া মৌ। ইয়াক ভোট দিকি হ’ব? মই বহু ঘূৰিলো, বহু দুষ্টালি কৰিলো। এতিয়া মই জিৰণি ল’ব লাগে নে নালাগে কোৱাচোন। মোৰ বহু বয়স হ’ল নহয়। গুৱাহাটী মোৰ ঈশ্বৰ। ইয়াতেই থাকিম। এইবাৰ ভাৰতৰ কথা বেছি নাভাবো। নিজৰ মাতৃভুমিত শেষ জিৰণি ল’বলৈ আহিছে। গতিকে অসমৰ কথাই ভাবিম।’
# মানুহ মানুহৰ বাবে- এয়াই মোৰ দৰ্শন, বিজেপিৰো দৰ্শন
বাওঁপন্থীৰ পৰা বিজেপিলে যাত্রা কৰাৰ প্ৰসংগত ড° হাজৰিকাই কালে যে আজিকালি ৰাজনৈতিক দলৰ সংজ্ঞা সলনি হৈছে। ‘বিজেপিও পৰিৱর্তনশীল। ইয়াৰ আৰু অধিক পৰিবৰ্তন হ’ব। মই ময়েই হৈ আছো। মই এতিয়াও পল ৰবচনৰ গীত গামেই। মানুহ মানুহৰ বাবে- এয়াই মোৰ দর্শন, বিজেপিৰো দর্শন। মই মোৰ সত্ত্বা বিক্রী কৰা নাই। মই বিজেপিক গ্রহণ কৰিছো, কিয়নো বিজেপিয়ে মোক মোৰ ৰূপতেই গ্রহণ কৰিছে। এইদৰে কৈ তেওঁ প্রসংগক্রমে ক’লে যে সংখ্যালঘু শব্দটো মুছলমানসকলে বেয়া পায়,দয়া কৰা যেন অনুভৱ কৰে।
# চাৰিটা প্রজন্ম জুৰি ‘ফেন’ পাইছো
আবেলি পাঁচ বজাত কুকুৰমাৰা অঞ্চলৰ তিনি নম্বৰ আমতলা গাঁৱত দ্বিতীয়খন সভাত উপস্থিত হ’লো। প্রায় দুই বজাৰ পৰা ৰৈ আছে সহস্রাধিক মানুহ। বৰষুণত তিতিয়েই মানুহে ভুপেনদাৰ ভাষণ আৰু গান শুনিলে। বহুতে গাড়ীৰ খিৰিকীৰে উলিয়াই দিয়া হাতখনত খামুচিবলৈ আৰম্ভ কৰিলে। বেচ গর্বৰ হাঁহি মাৰি ড° হাজৰিকাই আমালৈ চাই ক’লে, ‘এয়া মোৰ ৬০ বছৰৰ শ্ৰমৰ ফল। কালি জন্মা ল’ৰাটোৱেও কয়- সেয়া ভূপেনদা। মই চাৰিটা প্রজন্ম জুৰি ‘ফেন’ পাইছো।’ দুর্গম পথেৰে প্রায় ৫-৪৫ বজাত ৰামপুৰৰ নহিৰা লক্ষ্মী নাৰায়ণ এমই স্কুলত তৃতীয়খন সভাত তেওঁ উপস্থিত হ’ল।
তাতো বৰষুণত তিতি সমানেই জনসমাবেশ। আন কেইখনৰ দৰে ইয়াতো ড° হাজৰিকাই দিলে আলফাৰে আলোচনাৰ চেষ্টা আৰু ঘৰৰ ল’ৰা ঘৰতে থকাৰ প্রতিশ্রুতি। ইয়াতো বহু গান গাই ২০০৬ত বিধানসভা যুৱ প্রজন্মৰ হাতলৈ যাব বুলিও ড° হাজৰিকাই প্রতিশ্রুতি দিয়ে। সেই সময়তে দুজনমান যুৱকে আহি তেওঁৰ ওচৰত অভিযোগ দিলে যে ৰামপুৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ যোৱা পথটো অতি দুর্গম। পথটো ভাল কৰি দিব লাগে। ড° হাজৰিকাই যুৱক দুজনৰ ফালে চাই সুধিলে যে তেওঁলোকৰ বয়স ১৮ বছৰ হৈছে নে নাই।
যুৱক দুজনে হোৱা বুলি কোৱাত লগে লগে তেওঁ মিচিকিয় হাঁহি মাৰি ক’লে, ‘ভোটটো মোকেই দিবা আৰু।’ ৬-১৫৩ সভাথলী এৰিলে ড° হাজৰিকাই। যোৱাৰ পৰত বহুতকে বিহুৰ চান্দাও দিলে। ৬-২৮ত উপস্থিত হ’ল ৰজাপুখুৰী অঞ্চলত। অন্ধকাৰত লেম্প জুলাই শতাধিক মানুহ ৰৈ আছে। গাড়ীৰ পৰা নানামিবলৈ কোৱা হৈছিল যদিও তেওঁ নামি গৈ ৰাইজক মাত দিলে। লগতে বিজেপিৰ পঞ্চায়ত কার্যালয়ো মুকলি কৰিলে। ৬-৪২ত বিজয়নগৰত চতুর্থখন সভা। তালৈ গৈ থাকোতে এখন দুর্বল দলং পাই ভুপেন হাজৰিকাই গাড়ী চালকক গাড়ী ৰখাবলৈ ক’লে, ‘এইখন দলঙেদি যাব লাগিলে কালি বাতৰি কাকতত আমাৰ সলিল সমাধিৰ বাতৰি ওলাব। তাৰ পাছত যদি মই নির্বাচনত জিকাৰ খবৰটো ওলায় তেতিয়া মনটো কেনে লাগিব ভাবি চোৱাচোন।’ বিজয়নগৰতো তেওঁৰ অজস্র দর্শনার্থী। তেওঁক ঘেৰি ধৰা অজস্র ৰাইজৰ ভিৰৰ মাজেদি গুৱাহাটীমুখে আমাৰ ওভতনি যাত্রা আৰম্ভ হ’ল।
#মোৰ জীৱনত এগৰাকী নাৰীৰ সাংঘাতিক অবদান আছে
এই যাত্রা পথতেই তেওঁ সুঁৱৰিলে যে তেওঁৰ এই সাফল্যমণ্ডিত জীৱনত বহু মানুহৰ অৰিহণা আছে। জোতি-বিষ্ণুৰ লগতে তেওঁৰ পিতৃৰ অৱদানৰ কথাও স্মৰণ কৰিলে। লগতে ক’লে, ‘মোৰ জীৱনত আৰু এগৰাকী নাৰীৰ সাংঘাতিক অবদান আছে। ১৯৫০ত মই লগ পাইছিলো প্রিয়মক, প্রিয়ম্বদা পেটেল। ধুনীয়া ছোৱালী, ডাঙৰ শিল্পী, শান্তি নিকেতনৰ ছাত্রী। আমাৰ বিয়া হ’ল। মোৰ জীৱনত তেওঁৰ বহু ত্যাগ জড়িত হৈ আছে। আমি ১৩ বছৰ একেলগে থকাৰ পাছত পৃথক হ’লো। কিন্তু বিবাহ বিচ্ছেদ হোৱা নাই। এতিয়া কানাডাৰ অটোৱাত ল’ৰা আছে –তেজ হাজৰিকা। সি নিউয়র্কত বৌদ্ধ ধর্মীয় কিতাপৰ প্রকাশক।
আমি আটাইয়ে দুবছৰৰ মূৰত লগা লগি হওঁ। কাবোবে প্রতি আমাৰ বেয়া ভাব নাই।’ পৃথক হোৱাৰ কাৰণ জানিব বিচৰাত তেওঁ ক’লে, ‘মই গণনাট্য সংঘত বলৰাজ চাহানীৰ স’তে নতুন ভাৰত গঢ়াৰ সপোন দেখিছিলো। প্রিয়মৰ দেউতাকহঁতে তেওঁলোকৰ ছোৱালী অসমত থকাটো বিচৰা নাছিল। তেওঁলোকৰ মতে, মই ডাঙৰ কাম কৰিব লাগে। সেয়ে বুজাপৰা কৰি বেলেগ হ’লো। এই ছেপাৰেচন প্রডাক্টিভ। কেইবছৰমান পাছত দৈহিক বন্ধনৰ প্রয়োজন নাথাকে। আজিও মোৰ প্রিয়মৰ স’তে এক আবেগিক বন্ধন আছে। মই আৰু বিয়া নকৰালো বা আন কাৰোবাৰ স’তেও মোৰ কোনো বিশেষ বন্ধন নাই। মোৰ কোনো দৈনন্দিন ঘৰুৱা জীৱন নাই। মই এক যাযাবৰ।’
#কল্পনা আৰু মোক লৈ হোৱা সমালোচনাই মোক বৰ কষ্ট দিয়ে
কেতিয়াবা সাধাৰণ ঘৰ এখনৰ সহজ জীৱন এটাৰ কল্পনাই ড’ হাজৰিকাক কেতিয়াও আমনি নিদিয়েনে? তেওঁ ক’লে, ‘কেতিয়াবা মন যায়, কেতিয়াবা এখন সাধাৰণ খবৰ কল্পনাও কৰো। কিন্তু অতি ভয় লাগে। মই একেদিনাই পলাব লাগিব। মোৰ মতে জীৱন গতিশীল হ’ব লাগে।’ কল্পনা লাজমী তেওঁৰ বাবে কি? আবেগিক হৈ ড° হাজৰিকাই আৰম্ভ কৰিলে, ‘কল্পনা আৰু মোক লৈ বিভিন্ন মহলত হোৱা সমালোচনাই মোক বৰ কষ্ট দিয়ে বুজিছ। কল্পনা এজনী সৰু ছোৱালী। মই তাইৰ প্রতি কৃতজ্ঞ। কিন্তু তাইক সমালোচনা কৰি ভাৰাক্রান্ত কৰিছে। আমি একেলগে কাম কৰো। কল্পনা মোৰ বাবে বন্ধু, দার্শনিক, ছোৱালী নে আন কিবা মই তোমাক কেনেকৈ বুজাম। মোৰ লগত তাই কাম শিকিছে, এতিয়া আমি একেলগে কাম কৰো। অতি ভাল ঘৰৰ ছোৱালী তাই। শ্যাম বেনেগাল, আত্মাৰাম আৰু বেদত্তৰ পৰিয়ালৰ ছোৱালী তাই। এওঁলোকৰ ঘৰখনৰ স’তে মোৰ এক আপোন সম্পর্ক আছে।’ নির্ধাৰিত লক্ষ্য ড° হাজৰিকাই পাইছেনে? ‘মই জীৱনত স্বাধীনতাই বিচাৰিছিলো। পালো। সংগীত নাটক একাডেমী এটি মন্ত্রণালয়ৰ দৰে আছিল। ভাৰতৰ সংগীত কলাৰ সম্পূর্ণ ছবিখন দেখিলো। ইয়ে মোক পৰিপূর্ণতা দিছে।’ এইদৰে মন্তব্য কৰি হঠাতে তেওঁ কৈ উঠিল, ‘মই বৰ জটিল মানুহ বুজিছা। কিছু কিছু মানুহ জীৱনলৈ আহে আৰু যায়। কেতিয়াবা মোক বুজি পায় আৰু কেতিয়াবা নুবুজে। কাৰোবাৰ গাত কিবা খুঁত দেখিলে মই তেওঁক বাদ দিওঁ।
কেতিয়াও সময় নষ্ট নকৰো।’ এইদৰে বহু কথা-বতৰা পাতি প্রায় ন বজাত নিজৰাপাৰৰ ঘৰ পালো। প্রভাতৰ লগে লগে খবৰ ভিতৰলৈ সোমাই গ’ল ক্লান্ত ড° হাজৰিকা। তেওঁৰ পৰা বিদায় লোৱাৰ পৰত নিজকে নিজে প্রশ্ন কৰিলো- এই এদিনীয়া যাত্রাপথত যিবোৰ কথা ক’লে, সেইবোৰৰ কোনখিনি বিজেপি প্রার্থী ড° ভূপেন হাজৰিকাই কৈছে আৰু কোনখিনি কৈছে চিৰনমস্য শিল্পী অসমবাসীৰ ‘ভূপেনদা’ই।






























