New Delhi:
বিশ্ববিশ্ৰুত শিল্পী ভাৰত ৰত্ন ড ভূপেন হাজৰিকা জন্ম শতবর্ষৰ বিশেষ অনুষ্ঠান দেশৰ ৰাজধানী নতুন দিল্লীতো অনুস্থিত হয় ৷ এই অনুষ্ঠানত অংশ লৈ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে অনুষ্ঠানত পাতনি মেলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ এই উপলক্ষে আয়োজিত সভাত ভাষণত সোনোৱালে কয়,ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা ভাৰতী আইৰ এক সুযোগ্য সন্তান, যাৰ হৃদয়স্পর্শী কণ্ঠ আৰু অমূল্য সৃষ্টিসম্ভাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চলৈ লৈ গৈছিল। সুধাকণ্ঠৰ সমন্বয়ৰ সাংগীতিক পৰিক্ৰমা দেশবাসীৰ বুকুত প্ৰতিধ্বনিত হৈ ৰ’ব চিৰকাল ৷সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ ,দিলীপ শইকীয়া,কামাখ্যা প্ৰসাদ তাচা,ৰাজ্যসভাৰ সদস্য ৰামেশ্বৰ তেলী সহ অসম আৰু উত্তৰ- পূবৰ সাংসদ সকলো উপস্থিত থাকে ।






























