Jagdeep Dhankhar:✒️চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আশা কৰাতকৈ বিপুল ব্যৱধানত জয়লাভ কৰিছে। তেওঁ দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে।তেওঁক অভিনন্দন জ্ঞাপন কৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।
প্ৰসংগক্ৰমে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ পাছত এইটোৱেই তেওঁৰ প্ৰথম ৰাজহুৱা বিবৃতি।
ধনকাৰে নিজৰ বিবৃতি ত লিখিছে, “দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন।”
একে সময়তে নতুন উপ-ৰাষ্ট্ৰপতিৰ অধীনত এই কাৰ্যালয়ে নিশ্চিতভাৱে অধিক সন্মান আৰু গৌৰৱ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
প্ৰসংগক্ৰমে ৰাধাকৃষ্ণনে লাভ কৰিছিল ৪৫২টা ভোট। বিৰোধী প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে মাত্ৰ ৩০০ ভোটহে লাভ কৰে।






























