Russia Ukraine War:✒️লক্ষ্য আছিল ইউক্ৰেইন। কিন্তু চুবুৰীয়া দেশ পোলেণ্ডৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে ৰাছিয়াৰ এখন ড্ৰোন!সতৰ্ক হ’ল সেনা। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ চাৰিটা গুৰুত্বপূৰ্ণ বিমানবন্দৰো বন্ধ কৰি দিয়া হয়।
স্থানীয় সময় অনুসৰি,বুধবাৰে পুৱা পোলেণ্ডৰ সেনাই জনাই যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ সময়ত পোলেণ্ডৰ আকাশমাৰ্গ উলংঘা কৰা ড্ৰ’নসমূহ নিষ্ক্ৰিয় কৰা হৈছে।
পোলেণ্ডৰ অপাৰেচনেল কমাণ্ডৰ এক বিবৃতিত কোৱা হৈছে যে,”ড্ৰোন চিনাক্তকৰণৰ কাম চলি আছে। পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ বায়ুসেনাৰ বিমান সাজু। স্থলভিত্তিক বায়ু প্ৰতিৰক্ষা আৰু ৰাডাৰ ব্যৱস্থাকো উচ্চতম পৰ্যায়লৈ সাজু কৰা হৈছে।”
যদিও ড্ৰ’নৰ প্ৰকাৰ বা সংখ্যা সন্দৰ্ভত কোনো সবিশেষ তথ্য দিয়া হোৱা নাই, সেনাই কয় যে সামৰিক অভিযান চলি আছে। অতি প্ৰয়োজনীয় নহ’লে নাগৰিকক ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
বুধবাৰে ৱাৰ্ছত অৱস্থিত পোলেণ্ডৰ মূল বিমানবন্দৰ চোপিন ‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স’তে জড়িত অপ্ৰত্যাশিত সামৰিক অভিযানৰ বাবে’। আন চাৰিটা বিমানবন্দৰও বন্ধ হৈ পৰে।
আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, ইউক্ৰেইনলৈ যাত্ৰী যাতায়তৰ অন্যতম কেন্দ্ৰস্থল দক্ষিণ-পূব পোলেণ্ডৰ ৰেজ’জ’-জাচনকা বিমানবন্দৰও বৰ্তমান বন্ধ হৈ আছে।
পোলেণ্ড আমেৰিকাৰ নেতৃত্বত গঠিত সামৰিক মিত্ৰজোঁট NATO (North Atlantic Treaty Organization)ৰ সদস্য। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই জনাইছে, তেওঁ পোলেণ্ডত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ কথা শুনিছে।
ইফালে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কে জনাইছে, দেশৰ আকাশমাৰ্গ উলংঘা কৰাৰ বিষয়ে নাটোক অৱগত কৰা হৈছে। পোলেণ্ডে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও তেওঁ অৱগত কৰে।






























