গুজৰাটত এতিয়াৰে পৰা মহিলাই কৰিব পাৰিব নিশাৰ ভাগত কাম

images 3 3

Gujrat:✒️গুজৰাট বিধানসভাত কাৰখানা (গুজৰাট সংশোধন) বিধেয়ক ২০২৫ত অনুমোদন জনালে। ইয়াৰ জৰিয়তে এতিয়াৰে পৰা গুজৰাটত মহিলাই নিজৰ ইচ্ছাত ‘নাইট শিফট’ অর্থাৎ নিশাৰ ভাগত বিভিন্ন কর্মত নিয়োজিত হ’ব পাৰিব।

বিধেয়কৰ সংশোধনৰ জৰিয়তে মহিলাক নৈশ কৰ্মৰ বাবে প্রয়োজনীয় নিৰাপত্তা আৰু স্বাস্থ্য বিষয়ক সুবিধা প্ৰদানৰ দিহা কৰা হৈছে। বিধানসভাত এই বিধেয়ক দাখিল কৰি শ্ৰম আৰু নিয়োগ মন্ত্রী বলৱন্তসিং ৰাজপুতে কয় যে চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে মহিলাসকলক সম অধিকাৰ, পেছাৰ স্বাধীনতা আৰু বিত্তীয় অধিকাৰ প্ৰদান কৰা হ’ব।

সংশোধিত আইনৰ অধীনত গুজৰাটত নিজৰ ইচ্ছাত মহিলাই কর্মক্ষেত্রত নিশাৰ ভাগত কৰ্মৰত হ’ব পাৰিব। ৰাজ্যখনত কৰ্মচাৰীৰ দৈনিক কর্মসময় সর্বাধিক ১২ ঘণ্টালৈ বৃদ্ধি কৰিব পাৰিব যদিও সাপ্তাহিক কর্মসময় ৪৮ ঘণ্টা হ’ব।

Exit mobile version