Chhattisgarh:✒️চত্তীশগড়ৰ বস্তাৰ সংমণ্ডলত আত্মসমৰ্পণ কৰিলে ১৬ জন মাওবাদীয়ে। বুধবাৰে সন্ধিয়া তেঁওলোকে চত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই ১৬ জন লোকৰ কোনো এজনো উচ্চ পদস্থ নেতা নহয় বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।
তাৰে কিছুমান জনতা চৰকাৰৰ সদস্য, কিছুমান চেতনা নাট্য মণ্ডলীৰ সদস্য, আৰু কিছুমান মাওবাদীৰ পঞ্চায়ত পৰ্যায়ৰ স্তৰৰ দৰে নিম্নস্তৰৰ ইউনিটৰ সদস্য আছিল। যদিও মাওবাদী কাৰ্যকলাপত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।
নাৰায়ণপুৰ জিলা আৰক্ষী অধীক্ষক ৰবিনছন গুডিয়াই কয় যে আত্মসমৰ্পণ কৰা মাওবাদীসকল মাওবাদৰ “ফোপোলা” আদৰ্শৰ পৰা বিৰক্ত হৈ পৰিছে, মাওবাদীয়ে নিৰীহ জনজাতিৰ ওপৰত কৰা অত্যাচাৰ আৰু নিষিদ্ধ সংগঠনটোত “ক্ৰমবৰ্ধমান আভ্যন্তৰীণ বিবাদ”ত তেওঁলোক হতাশ হৈ পৰিছে।সেইবাবেই ১৬জন মাওবাদীয়ে আত্মসমৰ্পণৰ পথ বাছি লৈছে।
আৰক্ষী অধীক্ষকজনে লগতে কয় যে তেওঁলোক মাওবাদী সংগঠনত সক্ৰিয়। আত্মসমৰ্পণ কৰা মাওবাদীসকলে মাওবাদী সশস্ত্ৰ বাহিনীক খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহৰ ক্ষেত্ৰতো সহায় কৰিছিল।
এই আত্মসমৰ্পণকাৰীসকলে মাওবাদীসকলক নিৰাপত্তাৰক্ষীৰ গতিবিধিৰ বিষয়ে অৱগত কৰাৰ দায়িত্বও আছিল।






























