Air india:✒️পুনৰ মাজ আকাশত বিমান আতংক। উৰণৰ কিছু পূৰ্বে বিমানখনত দেখা দিয়ে যান্ত্ৰিক সমস্যাৰ।
যাত্ৰীসকল বিমানত বহি থকাৰ সময়তে এচি বিকল হোৱাৰ বাবে বিমানখনৰ ভিতৰতে যাত্ৰীসকলে বহু সময় অপেক্ষা কৰিবলগীয়া হয় বুলি অভিযোগ উত্থাপন হয়।
ইয়াৰ পাছত দুঘণ্টা অপেক্ষা কৰোৱাৰ পাছত বিমানৰ পৰা নমোৱাই দিয়া হয় যাত্ৰীসকলক।বুধবাৰে নিশা দিল্লী বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমান ‘এআই ২৩৮০’ দিনৰ ১১ বজাত ছিংগাপুৰ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল।কিন্তু বিমান যাত্ৰাৰ পূৰ্বে বিদ্যুতৰ সমস্যা হোৱাৰ লগতে এচি বিকল হৈ পৰে।
যাত্ৰীসকলে অভিযোগ কৰে যে উৎকত গৰমৰ মাজতে তেওঁলোক বিমানৰ ভিতৰত ৰৈ থাকিবলগীয়া হয়। দুঘণ্টা অপেক্ষা কৰাৰ পাছত সকলো যাত্ৰীক নমাই দিয়া হ’ল। উল্লেখ্য যে, বিমানখনত দুই শতাধিক যাত্ৰী আছিল।
এই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে ‘এআই ২৩৮০’ বিমানখন দিল্লীৰ পৰা ছিংগাপুৰলৈ যোৱাৰ কথা আছিল।
কিন্তু উৰণৰ পূৰ্বে বিমানখনৰ কেবিনত কিছু সমস্যাৰ বাবে পলম হয়।যাত্ৰীসকলৰ বাবে থকা-খোৱা সকলো ব্যৱস্থা কৰা হৈছিল।
বৃহস্পতিবাৰে পুৱা ৫:৩৬ বজাত বিকল্প বিমানেৰে গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হয় যাত্ৰীসকলক। লগতে বিমান সংস্থাটোৱে যাত্ৰীসকলৰ অসুবিধাৰ বাবে বিমান কর্তৃপক্ষই ক্ষমা বিচাৰে।






























