Bihar:✒️সন্মুখত বিহাৰৰ বিধানসভা নিৰ্বাচন। তাৰ আগতে বিজেপি শাসিত ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক গুলীয়াই হত্যা কৰাৰ অভিযোগ দুই দুষ্কৃতিকাৰীয়ে বিৰুদ্ধে ।
এই হত্যাকাণ্ডৰ পাছতে পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজকুমাৰে আগন্তুক নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল।
বুধবাৰে নিশা মুন্নাচাক অঞ্চলত হঠাতে দুজন যুৱকে তেওঁক আক্ৰমণ কৰে। ৰক্তাক্ত অৱস্থাত থিতাতে বাগৰি পৰে ৰাজকুমাৰ।ইয়াৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত।
তথ্য লাভ কৰাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। তেওঁক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়। ঘটনাৰ মুহূৰ্তৰ চিচিটিভি ফুটেজও তদন্তকাৰীয়ে লাভ কৰিছে।
কিন্তু তেওঁৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ভূমি বিবাদৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ পুংখানুপুংখ তদন্তৰ পাছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে।
পাটনাৰ পূব আৰক্ষী অধীক্ষক প্ৰতীক কুমাৰে কয়, “আমি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। ফৰেনছিক দলটোৱেও স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছে।”






























