Dhemaji:
ধেমাজি আৰক্ষীৰ এক বৃহৎ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে ধেমাজি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত গোগামুখ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক, গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ এটা দলে অভিযান চলাই লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পৰা দুজন অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন পালচাৰ মটৰচাইকেলসহ এটা ৭.৬২ এম.এম. পিষ্টল আৰু এটা হস্ত-নিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ADVERTISEMENT





























