Sikkim :✒️অবিৰত বৰষুণৰ ফলত বিধ্বস্ত ছিকিম। বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় ভূমিস্খলন।এই দুৰ্যোগত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয়। মৃত্যু হোৱা লোক কেইজনৰ ভিতৰত আছিল এটা শিশু।
এই খবৰ পোৱাৰ লগে লগে নিশা দুৰ্যোগৰ এছ এছ বিৰ জোৱান আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় বাসিন্দাও উপস্থিত থাকে।
ইয়াংথাং বিধান সভা সমষ্টিৰ অন্তৰ্গত আপাৰ ৰিম্বি গাঁৱত সংঘটিত হয় এই দুৰ্যোগ। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ভূমিস্খলনত মৃত্যু হোৱা লোক কেইজন হৈছে ভীমপ্ৰসাদ লিম্বু (৫৩), অনিতা লিম্বু (৪৬), বিমল ৰায় (৫০), অঞ্জলি ৰায় (৭)। মৃত লোকসকল একেটা পৰিয়ালৰ সদস্য।
ভূমিস্খলনত তিনিজন লোকৰ মৃত্যু হয়। নদীত উটি যায় আন দুজন। এই খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলে দ্ৰুততাৰে অঞ্চলটোত উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত দুগৰাকী মহিলাক উদ্ধাৰ কৰা হয়।
ইয়াৰে এজনৰ স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আন এজনৰ অৱস্থা সংকটজনক।
এই খবৰ লাভ কৰাৰ পাছতে নিশা
প্ৰায় দুই বজাত সেই স্থানত উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী ভীম হাং লিম্বু । তেওঁ ব্যক্তিগতভাৱে উদ্ধাৰ অভিযানৰ তদাৰক কৰে।






























