Asp suspension:
হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক নিলম্বন ৷ গো-মাংস বিক্ৰী কৰা দোকানীক আটক কৰাৰ পিছত উৎকোচ লৈ এৰি দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল ৷ যাৰবাবে গৃহ বিভাগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীক নিলম্বন কৰে ৷ তামুলী হোজাইৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চাৰ এএছ পি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷
ADVERTISEMENT






























