Dr. Nagen Saikia:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলৰ শৈক্ষিক আৰু সাস্কৃতিক সংগঠন ‘স্মৃতিধাৰা’ অসমৰ উদ্যোগত বিশিষ্ট সাহিত্যিক ড:নগেন শইকীয়াৰ সৃষ্টি আৰু প্ৰতিভা সম্বলিত গ্ৰন্থ “চকুৰ পোহৰ আৰু হৃদয়ৰ দ্যোতনা” উন্মোচন কৰা হয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড: ভীমকান্ত বৰুৱাই।
ড: জয়ন্ত কুমাৰ বৰা আৰু ড: অৰবিন্দ ৰাজখোৱাৰ যুটীয়া সম্পাদনাত প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি উন্মোচনী অনুষ্ঠানত উপস্থিতে থাকে বিশিষ্ট সাহিত্যিক ড: নগেন শইকীয়া । অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: জীতেন হাজৰিকা,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড: কন্দৰ্প কুমাৰ ডেকা,পঞ্জীয়ক ড: পৰমানন্দ সোণোৱালৰ লগতে বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক,লেখক তথা শিক্ষাবিদ উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড: নগেন শইকীয়াক স্মৃতিধাৰা অসমৰ লগতে আন কেইবাটাও অনুষ্ঠানে সম্বৰ্ধনা জনায়।






























