Pakistan:✒️তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত হৈছে পাকিস্তান। সেনাৰ কনভয়ত লক্ষ্য কৰি একাধিক গুলীচালনা। ঘটনাটোত কমেও ১২ জন জোৱান নিহত হয়। তেহৰিক-ই-তালিবান পাকিস্তানে স্বীকাৰ কৰিছে এই আক্ৰমণৰ দায়িত্ব ।
এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱা প্ৰায় চাৰি বজাত ফকিৰ চৰাই অঞ্চলৰ মাজেৰে সেনাবাহিনীৰ কনভয় পাৰ হৈ গৈছিল। সেই সময়ত উগ্ৰপন্থীয়ে কনভয়ত গুলীচালনা কৰে।
তাৰ পাছতে, চাৰিওফালে ৰক্তাক্ত পৰিৱেশ । এই ঘটনাত কমেও ১২ জন জোৱান নিহত হয়। অৱশ্যে আহত বহুতো ।
সূত্ৰ অনুসৰি উগ্ৰপন্থীয়ে এই আক্ৰমণ সংঘটিত কৰি ঘটনাস্থলিৰ পৰা পলায়ন কৰে। তথ্য লাভ কৰাৰ লগে লগে সেনা-আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।






























