Jammu and Kashmir:✒️১৯ দিনৰ স্থগিত থকাৰ অন্তত দেওবাৰৰ পৰা (১৪ ছেপ্টেম্বৰ) পুনৰ আৰম্ভ হ’ব বুলি ঘোষণা কৰা হয় বৈষ্ণো দেৱী যাত্ৰা। কিন্তু সেই ঘোষণাৰ পাছতো প্ৰশাসন আৰু মন্দিৰ সমিতিয়ে পুনৰ যাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য হ’ল।ফলত পৰিস্থিতিৰ উন্নতি নোহোৱালৈকে যাত্ৰা আৰম্ভ নহ’ব বুলিও তেওঁলোকে ইংগিত দিছে।
মন্দিৰ কমিটিয়ে জনাইছে ,বৈষ্ণো দেৱী যাত্ৰা পথত পুনৰ ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ফলত তেওঁলোকে কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে।
পৰৱৰ্তী জাননী নিদিয়ালৈকে এই তীৰ্থযাত্ৰা স্থগিত ৰখা হ’ব। তীৰ্থযাত্ৰীসকলক সময়ে সময়ে চেক ইন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
২৬ আগষ্টত বৈষ্ণো দেৱী তীৰ্থযাত্ৰাত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। সেই ঘটনাত ৩৪ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহত ২০জন লোক।সেই ঘটনাৰ পৰা শিক্ষা লৈ কোনো ধৰণৰ ৰিস্ক ল’বলৈ ইচ্ছুক নহয় প্ৰশাসন।
ইয়াৰ বাহিৰেও তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাক অধিক গুৰুত্ব দিয়া হৈছে। যোৱা মাহত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা প্ৰশাসনৰ ভূমিকা সমালোচনাৰ সন্মুখীন হৈছে।
তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপিত হ’বলৈ ধৰিলে। ফলত এইবাৰ প্ৰশাসনে অতি সতৰ্কতাৰে পদক্ষেপ ল’বলৈ চেষ্টা কৰিছে।
দুদিন পূৰ্বে ঘোষণা কৰা হৈছিল যে দেওবাৰৰ পৰা যাত্ৰা আৰম্ভ হ’ব। তীৰ্থযাত্ৰীসকলকো একেই বাৰ্তা প্ৰদান কৰা হয়। কিন্তু শনিবাৰৰ পৰা পুনৰ বতৰৰ অৱনতি ঘটিল।
ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। ফলত ভূমিস্খলনৰ আশংকাও বৃদ্ধি পাইছে। ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পথসমূহ যাতে শীঘ্ৰে বৈষ্ণো দেৱী যাত্ৰা আৰম্ভ কৰিব পৰা যায় তাৰ বাবে মেৰামতি কৰা হয়। কিন্তু পুনৰ প্ৰতিকূল বতৰৰ বাবে এই যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হয়।






























