Jharkhand:✒️ঝাৰখণ্ডত পুনৰ মাওবাদী অভিযান।নিৰাপত্তাৰক্ষীয়ে গুলীত নিহত মাওবাদী নেতা মুখদেৱ যাদৱ।লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ।
প্ৰাপ্ত তথ্য অনুসৰি,দেওবাৰে পুৱা এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে তৰ্হাছি আৰু মানাটুৰ গাতে লাগি থকা বনাঞ্চলত অভিযান চলায়।
তালাচীৰ সময়ত পিছুৱাই যাবলৈ কোনো ঠাই বিচাৰি নাপাই মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।
সেনাইও প্ৰত্যুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত দীৰ্ঘসময় যুঁজৰ অন্তত অৱশেষত নিহত হ’ল মাওবাদী নেতা মুখদেৱ। তথ্য অনুসৰি, ‘তৃতীয় সন্মিলন প্ৰস্তুতি সমিতি’ নামৰ নিষিদ্ধ সংগঠনটোৰ অন্যতম কমাণ্ডাৰ আছিল মুখদেৱ।
বহুদিন ধৰি আৰক্ষীয়ে তেওঁক বিচাৰি আছিল। নিৰাপত্তা বাহিনীয়ে তেওঁৰ মৃত্যুক ডাঙৰ সফলতা বুলি অনুমান কৰে।






























