ঔষধৰ জি এছ টি হ্ৰাস পোৱাৰ বাবে অধিকাংশ ঔষধৰ দাম হ্ৰাস পোৱাৰ পথত। আৰু এই মাহৰ শেষৰ পৰাই এই নতুন দামৰ সুফল পাব পাৰে জনসাধাৰণে।
ইয়াৰ মাজতে ঔষধ আৰু চিকিৎসা সঁজুলিৰ জি এছ টিৰ হাৰ হ্ৰাস কৰাৰ পাছত কেন্দ্ৰই ফাৰ্মা কোম্পানীসমূহক এম আৰ পি সংশোধন কৰিবলৈ নিৰ্দেশ দিছে।২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।
সংবাদ সংস্থাৰ বাতৰি অনুসৰি ডিলাৰ, খুচুৰা বিক্ৰেতা, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক আৰু চৰকাৰক বিশেষ ৰূপত সংশোধিত মূল্য তালিকা জাৰি কৰিবলৈ কোৱা হৈছে, য’ত সংশোধিত এম আৰ পিৰ কথা উল্লেখ থাকিব।
কিন্তু ঔষধ যোগানৰ কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ কোম্পানীসমূহে ২২ ছেপ্টেম্বৰৰ পূৰ্বে বজাৰত থকা কিছুমান ঔষধৰ মজুত উলিয়াব নালাগে বা নতুন দামৰ বাবে লেবেল লগোৱাৰ প্ৰয়োজন নাই।
অৱশ্যে নাটনি ৰোধ কৰিবলৈ কোম্পানীসমূহে সময়ে সময়ে সেইবোৰক পুনৰ লেবেল লগাই দিব পাৰে ।
জি এছ টি পৰিষদৰ বৈঠকত মূলতঃ কেন্সাৰ, ৰক্ত বিকাৰ আৰু অন্যান্য গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ৩৩টা ঔষধৰ জি এছ টি বিলুপ্ত কৰা হৈছে।
পূৰ্বে এই ঔষধৰ ওপৰত ১২ শতাংশ জি এছ টি আৰোপ কৰা হৈছিল, যিটো এতিয়া সম্পূৰ্ণৰূপে বিলুপ্ত কৰি শূন্য শতাংশ বা জি এছ টি মুক্তলৈ হ্ৰাস কৰা হৈছে।
ইয়াৰ অৰ্থ স্পষ্ট যে এই ব্যয়বহুল ঔষধ ক্ৰয়ৰ ক্ষেত্ৰত ৰোগীয়ে আৰু কৰ দিব নালাগিব।ইয়াৰ ফলত চিকিৎসাৰ খৰচ হ্ৰাস পাব আৰু অসুস্থ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।






























