Jharkhand:✒️মাওবাদী বিৰোধী অভিযানত নিৰাপত্তা বাহিনীৰ আন এক সফলতা।সোমবাৰে পুৱা ঝাৰখণ্ডৰ হাজাৰীবাগত যৌথ বাহিনীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত হয় মাওবাদীৰ অন্যতম শীৰ্ষ নেতা সহদেৱ ছ’ৰেন।
তেওঁ নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল।তেওঁৰ মূৰৰ দাম আছিল এক কোটি টকা।
গোপন সূত্ৰৰ পৰা মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি সোমবাৰে পুৱা কোবৰা বেটেলিয়ন, গিৰিডিহ আৰক্ষী আৰু হাজৰিবাগ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান আৰম্ভ কৰে।
ঝাৰখণ্ডৰ তাটিঝাৰিয়া থানা এলেকাৰ গিৰিডিহ-বোকাৰো সীমান্তৰ সমীপৰ কৰণ্ডি গাঁৱত পুৱা প্ৰায় ছয় বজাত যুটীয়া বাহিনী আৰু মাওবাদীৰ মাজত বন্দুকৰ সংঘৰ্ষ হয়।
এই অভিযানত নিহত হয় তিনি মাওবাদী নেতা। আজি পুৱা ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বনাঞ্চলত তালাচী অভিযান অব্যাহত আছে।






























