CM Vigilance raid:
এচিএছ বিষয়া নুপূৰ বৰাৰ মহানগৰীৰ গোটানগৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান ৷ সোমবাৰে দুপৰীয়াৰ পৰা অব্যাহত ৰখা অভিযান জব্দ কৰা হয় কে’বা লাখ টকা ৷ আয়বহির্ভূত সম্পত্তিৰ গোচৰত অভিযান চলাইছিল চিএম ভিজিলেন্সে ৷ কম সময়তে নামে- বেনামে অগাধ সম্পত্তিৰ গৰাকী হৈছিল এচিএছ বিষয়া গৰাকী ৷ নুপূৰ বৰা বৰ্তমান কামৰূপ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া ৰূপে কৰ্মৰত হৈ আছে ৷ বৰা বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া ৰূপে কাৰ্যৰত হৈ থকাৰ সময়তে তেওঁৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উদ্থাপিত হৈছিল ৷
ADVERTISEMENT






























