Lanslide Incident in Guwahati Rupnagar:
দেওবাৰে আবেলি হোৱা এজাক ধাৰাসাৰ বৰষুণে মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰে ৷ সোমবাৰে যদিও বৰষুণ নাই হোৱা তথাপিও বতৰ ডাৱৰীয়া ৷ ইয়াৰ মাজতে মহানগৰীত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ দাতিঁকাষৰীয়া ৰূপনগৰৰ সাই বাবা মন্দিৰৰ সমীপৰ বড়ো পথত সংঘটিত হোৱা ভূমিস্খলনত সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয় এটা বাসগৃহ ৷
বাসগৃহটোৰ বাথৰুমত এগৰাকী মহিলা স্নান কৰি থকা অৱস্থাত পাহাৰৰ পৰা হোহোৱাই মাটি আৰু প্ৰকাণ্ড শিল খহি পৰে ৷ ফলত খহি পৰা মাটি- শিলৰ মাজত আবদ্ধ হৈ পৰে মহিলা গৰাকী। মহিলাগৰাকীৰ নাম ৰীনা ডেকা দাস ৷ স্থানীয় লোকে অহৰহ চেষ্টা কৰিছে উদ্ধাৰ কৰিব পৰা মহিলা গৰাকীক ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ উপস্থিত হৈ যুদ্ধকালীত তৎপৰতাৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
উল্লেখ্য যে,মহানগৰ প্ৰশাসনে মহানগৰীৰ কেতবোৰ পাহাৰীয়া অঞ্চলক ভূমিস্খলন প্ৰৱন অঞ্চল ৰূপে চিহ্নিত কৰি পাহাৰ বাসীক নিৰাপদ স্থানলৈ যাবলৈ সৰ্তক কৰি দিছিল ৷ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ যে এজাক বৰষুণ দিলেই গুৱাহাটীৰ বহু পাহাৰীয়া অঞ্চলত ভূমিস্খলন হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হয় ৷ এই ধৰণৰ ঘটনাত ইতিপূৰ্বে বহু কেইজনে প্ৰাণ হেৰুৱাইছে ৷






























