Uttarakhand:✒️উত্তৰাখণ্ডত প্ৰাকৃতিক দুৰ্যোগৰ অন্ত নাই।পুনৰ ডাৱৰ বিস্ফোৰণত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত উত্তৰাখণ্ডৰ ডেৰাডুন। সোমবাৰে গভীৰ নিশা ডেৰাডুনৰ সহস্ৰাধৰা অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষতিসাধন হয়।
ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰভাৱে বৃদ্ধি পাইছে তামছা নদীৰ জলপৃষ্ঠ।ফলত নদীৰ পাৰৰ কেবাটাও অঞ্চলত পানী প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, গাড়ী, দোকান-পোহাৰ আদি উটুৱাই লৈ গৈছে। অবিৰত বৰষুণৰ বাবে নিৰুদ্দেশ হৈছে কেবাজনো লোক।
ডেৰাডুনৰ মোহনী পথ, পুৰাণ বস্তি, বলবীৰ পথ, ভগত সিং কলনী, সঞ্জয় কলনী পানীত ডুব গৈছে। মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান আৰম্ভ কৰিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে,’সোমবাৰে গভীৰ নিশা ডেৰাডুনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বহু দোকানৰ ক্ষতিসাধন হয়। জিলা প্ৰশাসন, এছডিআৰএফ আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।স্থানীয় প্ৰশাসনৰ স’তে যোগাযোগত আছো। মইও সমগ্ৰ পৰিস্থিতিটো নিৰীক্ষণ কৰি আছো।’
বিপৰ্যয়জনক পৰিস্থিতিৰ বাবে ডেৰাডুনৰ জিলা দণ্ডাধীশে সকলো বিদ্যালয় (১ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) বন্ধ কৰাৰ নিৰ্দেশ দিছে।
ডেৰাডুনৰ তামছা নদীৰ পানী সম্পূৰ্ণৰূপে বৃদ্ধি পাইছে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে তপকেশ্বৰ মহাদেৱ মন্দিৰ। মন্দিৰৰ বাহিৰত নিৰ্মিত শিৱ মূৰ্তিটো পানীয়ে উটুৱাই লৈ যায়।
প্ৰশাসনিক সূত্ৰ অনুসৰি উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমীপৰ টন নদীৰ ওপৰত থকা দলংখন বানপানীৰ ফলত উটুৱাই নিয়াৰ ফলত ডেৰাডুন আৰু পাচাডুন অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।যান-বাহন চলাচল ব্যাহত।
চিমলা বাইপাছৰ জৰিয়তে বাহনসমূহ ডাইভাৰ্ট কৰা হৈছে। বিকাশ নগৰ ঘাইপথ বন্ধ কৰি দিয়া হৈছে।
বৰষুণৰ ফলত কালিগড় অঞ্চলত অধিক ক্ষতিসাধন হৈছে।তাত বহু দোকান জলমগ্ন হৈ পৰিছে। কেবাজনো লোক সন্ধানহীন হৈ আছে।
ইফালে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে ডেৰাডুন আৰু তেহৰী গড়ৱালৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
আজি পুৱাভাগলৈকে তাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা বতাহৰ সম্ভাৱনা আছে। মঙলবাৰে গোটেই দিনটো বতৰ এনেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে।






























